Daily Time Axom

শংকৰদেৱ বিদ্যা মন্দিৰ গৌৰীসাগৰত গীতে মাতে শৰৎ

0 43

শিৱসাগৰ জিলাৰ ইতিহাস বিজড়িত গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত স্থাপিত শংকৰদেৱ বিদ্যা মন্দিৰত ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ গীতে মাতে শৰৎ উদযাপন কৰা হয়।

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ কোৰাচেৰে আৰম্ভ কৰা অনুষ্ঠানটোত সদ্যপ্ৰয়াত অসমীয়া বোলছৱিজগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।

বিদ্যালয়ৰ সহ শিক্ষক নবজ্যোতি বৰাই আঁতধৰা অনুষ্ঠানটো
সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী লেখত ল’বলগীয়া উপন্যাসিক জুৰী বৰা বৰগোঁহাইয়ে উদ্ধোধন কৰে। গীতে মাতে শৰৎ নামৰ অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমীৰণ ফুকন মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন নৃত্য গীতেৰে সকলোকে আপ্লুত কৰে।

Leave A Reply

Your email address will not be published.