Daily Time Axom

এক বিৰল ৰোগত আক্ৰান্ত হৈছে অভিনেত্ৰী সামান্থা

0 50

এক বিৰল ৰোগত আক্ৰান্ত দক্ষিণ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভু। শনিবাৰে ছচিয়েল মিডিয়াত তেওঁ এই খবৰ ঘোষণা কৰে। সামান্থাই নিজৰ এখন ছবিও পোষ্ট কৰে।

দীৰ্ঘদিন ধৰি দক্ষিণৰ ছবিত অভিনয় কৰি আহিছে সামান্থাই। ‘দ্য ফেমিলি মেন ২’ ছিৰিজৰ জৰিয়তে তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল। ধাৰাবাহিকখনত সামন্তাই ৰাজীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰে। ‘পুষ্পা: দ্য ৰাইজ’ চিনেমাখনত সামান্থাৰ আইটেম ডান্সতো অতি জনপ্ৰিয় হৈছিল। ইয়াৰ পিছত এতিয়া সামন্তাক দেখা যাব তেলেগু কল্পবিজ্ঞান থ্ৰিলাৰ ‘যশোধা’ত।

কিছুদিন পূৰ্বে মুক্তি পাইছিল সামন্তৰ ‘যশোধা’ ছবিৰ ট্ৰেইলাৰ। শনিবাৰে ট্ৰেইলাৰ চোৱাৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনায় সামান্থাই। ইয়াৰ পিছত তেওঁ ক’লে যে তেওঁ এতিয়া মাই’চাইটিছ নামৰ এটা বিৰল অটোইম্যুন অৱস্থাত আছে। জনা যায় যে এনে অৱস্থাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সুস্থ আৰু শক্তিশালী কোষক শত্ৰু হিচাপে আক্ৰমণ কৰে। ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ভাগৰ আহে, পেশীৰ বিষো হয়।

সামন্থাই ভাবিছিল যে ভাল হোৱাৰ পিছত সকলোকে বেমাৰৰ কথা ক’ব। কিন্তু এই ৰোগ নিৰাময় হ’বলৈ বহু সময় লাগিব। গতিকে অনুৰাগীক খবৰটো দিলে অভিনেত্ৰীগৰাকীয়ে। সামান্থা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব। চিকিৎসকে তেওঁক তেনেকৈয়ে আশ্বাস দিছে। কিন্তু অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰতিটো দিন অতি কষ্টত কটাবলগীয়া হৈছে। এই অৱস্থাতে তেওঁ চিনেমাখনক ‘যশোদা’ বুলি অভিহিত কৰে। তেওঁৰ বিশ্বাস যে তেওঁ নিশ্চিতভাৱে সুস্থ জীৱনলৈ ঘূৰি আহিব।

Leave A Reply

Your email address will not be published.