Daily Time Axom

টকা নোলোৱাকৈ আনৰ ঘৰ চাফা কৰি মাহে লাখ লাখ টকা উপাৰ্জন

0 282

ঘৰ চাফা কৰাটো সহজ কাম নহয়। যিসকল লোকে ব্যস্ততাৰ বাবে নিয়মিতভাৱে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰে তেওঁলোকে আন কাৰোবাৰ পৰা সহায় লয়। এটা পৰিষ্কাৰ ঘৰে দিনটোৰ ভিতৰত আপোনাৰ ভাগৰ আঁতৰাই পেলাব আৰু আপোনাৰ মনটোও উল্লাসিত হ’ব। অৱশ্যে আনৰ লেতেৰা ঘৰ চাফা কৰি মাহে লাখ লাখ টকা উপাৰ্জন কৰি আছে অৰি কাটাৰিনা নামৰ এই ২৯ বছৰীয়া ছোৱালীজনীয়ে।

২০২১ চনৰ পৰা এই কাম আৰম্ভ কৰিছিল। অৱশ্যে কাৰোবাৰ ঘৰ চাফা কৰাৰ বাবে তেওঁ কোনো চাৰ্ভিচ মাচুল লোৱা নাই। আপুনি নিশ্চয় ভাবিছে যে কেনেকৈ মাহে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি! আচলতে অৰীয়ে যদি চাৰ্ভিচ চাৰ্জ লোৱা নাই তেন্তে ঘৰৰ মালিকৰ পৰা অনুমতি লৈ গোটেই কামটো ভিডিঅ’ কৰি লয়। এইটোৱেই তেওঁৰ একমাত্ৰ চৰ্ত।

তেওঁ ঘৰটো চাফা কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ’ কৰি ইনষ্টাগ্ৰাম, টিক টককে ধৰি একাধিক ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তাৰ পৰাই তেওঁ উপাৰ্জন কৰে। বৰ্তমান তেওঁৰ ইনষ্টাগ্ৰামত ২১ লাখ ফ’ল’ৱাৰ আছে। টিকটকত প্ৰায় ৭৮ লাখ । তেওঁৰ ভিডিঅ’বোৰত লাখ লাখ ভিউ হৈছে। মূলতঃ তেওঁ মাহিলী উপাৰ্জন ইয়াৰ পৰাই পায়।

মানুহৰ ঘৰ চাফা কৰাটো তেওঁৰ বাবে এক দুঃসাহসিক অভিযানৰ দৰে। ঔৰীয়ে দেশৰ বিভিন্ন প্ৰান্তত মানুহৰ ঘৰ চাফা কৰি যথেষ্ট ৰোমাঞ্চকৰ অভিযানৰ সোৱাদ পায়। তাৰোপৰি ঘৰখন চাফা কৰি আত্মসন্তুষ্টিৰ কথাও আছে বুলিও ভাবে। আনকি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তাইৰ আকৰ্ষণ ইমানেই যে ঔৰীয়ে নিজকে ‘চফাইৰ ৰাণী’ বুলি পৰিচয় দিয়াটো পছন্দ কৰে। আনকি তেওঁ পৃথিৱী ভ্ৰমণ কৰাৰ ইচ্ছাও প্ৰকাশ কৰে। তেওঁ এই কামটো বিশ্বৰ আন দেশতো কৰিব বিচাৰে আৰু অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে।

ঔৰী এগৰাকী অকলশৰীয়া মাতৃ। কেইবছৰমান আগতে তাইৰ স্বামীয়ে আত্মহত্যা কৰিছিল।

২০২০ চনত ইনষ্টাগ্ৰাম, টিকটক আৰু ইউটিউব একাউণ্ট খুলে। তাতে তেওঁ ঘৰ চাফা আৰু পৰিপাটিৰ ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে। যিটোৱে কেইদিনমানৰ ভিতৰতে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পিছত জনপ্ৰিয়তা বাঢ়ি যায়। পাছত নিজৰ ঘৰ চাফা কৰাৰ ভিডিঅ’ৰ লগতে আনৰ ঘৰ চাফা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু সেয়া বিনামূলীয়াকৈ। ঔৰীৰ এই ব্যতিক্ৰমী পদক্ষেপ আৰু জীৱনে ইতিমধ্যে নেট-জগতত বিয়পি গৈছে।

বিশ্বৰ লাখ লাখ মানুহে প্ৰতিদিনে তেওঁৰ ভিডিঅ’ চাই থাকে। ভিডিও সমূহত অৰিয়ে ফ’ল’ৱাৰৰ লগত বিভিন্ন টিপছ শ্বেয়াৰ কৰে। এই কামৰ বাবে তেওঁ কেৱল নিজৰ চহৰলৈ নহয় দেশৰ বিভিন্ন প্ৰান্তলৈও যায়। লগতে লৈ যায় ডিটাৰজেন্ট, ব্ৰাছ আৰু বিভিন্ন ঘৰ চাফাই সঁজুলি।

ঘৰ, শৌচাগাৰ, বেছমেণ্ট, বাৰীত একো নেৰে, সকলো পৰিষ্কাৰ আৰু চিকচিকিয়া কৰি তোলে। আনকি হাতৰ যাদুৰে পৰিত্যক্ত ঘৰবোৰো বসবাসযোগ্য কৰি তুলে। প্ৰতিটো ঘৰ চাফা কৰিবলৈ তেওঁৰ দুই চাৰিদিন সময় লাগে।

Leave A Reply

Your email address will not be published.