Daily Time Axom

শুকান বতৰত উজ্জ্বল ছাল কেনেকৈ পাব

0 40

গোটেই দিনটো বতৰ সুখদায়ক হ’লেও শুকান বতৰত ছালৰ আৰ্দ্ৰতা হেৰুৱাই পেলায়। কিন্তু বতৰ যিয়েই নহওক কিয়, সঠিক যত্ন ল’লে আপুনি জিলিকি থকা, উজ্জ্বল, কোমল ছাল পাব পাৰে।

বহুতে শীতকালত শুকান ছালৰ সমস্যা সমাধানৰ বাবে বজাৰত দামী প্ৰসাধন সামগ্ৰীৰ ফালে মুখ কৰে। কিন্তু কেতিয়াবা হেনচেলৰ সৰল উপাদানে দামী মইশ্ব’ৰাইজাৰ আৰু ক্ৰীমতকৈ ছালৰ ভালদৰে যত্ন লয়। এই শীতকালত আপুনি ঘৰতে বনোৱা ফেচ পেক বা ফলৰ ৰসৰ সহায়ত বিশেষ ছালৰ যত্ন ল’ব পাৰে।

তৰমুজৰ ৰস – তৰমুজৰ ৰস টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। সংবেদনশীল ছালৰ বাবে ই অতি উপকাৰী। ছালখন ঠাণ্ডা, কোমল কৰি ৰখাত সহায় কৰে।

গোলাপৰ পানী – বছৰজুৰি ৰাসায়নিক মুক্ত গোলাপ পানী ব্যৱহাৰ কৰিলে যথেষ্ট উপকাৰ পোৱা যায়। গাখীৰৰ লগত অলপ গোলাপ পানী মিহলাই ব্যৱহাৰ কৰিব পাৰে। ৰুক্ষ ছালৰ সমস্যা দূৰ হ’ব।

অমিতা – দৈ আৰু পকা অমিতা মিহলাই পেক বনাওক। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব লাগে। এই পেকে ৰ’দত পোৰা ছালৰ সমস্যা সমাধানত সহায় কৰিব।

মাখন – বহুতে শীতকালত ছানস্ক্ৰীণ ব্যৱহাৰ নকৰে। ফলত ছালখন গ্ৰীষ্মৰ দৰে টেন হৈ পৰে। ৰ’দৰ পৰা ঘৰলৈ আহিলে মাখন ব্যৱহাৰ কৰক। পেকৰ দৰে ১০ মিনিট ৰাখি ধুই পেলাওক। ই টেন আঁতৰায়।

Leave A Reply

Your email address will not be published.