Daily Time Axom

বিমানবন্দৰত বেগ চেক কৰাত ধৰা পৰিল মেকুৰী, বিমানবন্দৰ কৰ্তৃপক্ষক স্তম্ভিত

0 59

বিমানত যাত্ৰা কৰাৰ আগতে বেগ পৰীক্ষাৰ সময়ত বেগৰ পৰা ওলাই আহিল মেকুৰী।

সহযাত্ৰীৰ পৰা আৰম্ভ কৰি বিমানবন্দৰ কৰ্তৃপক্ষলৈকে এই ঘটনাত স্তম্ভিত হৈ পৰে। এই অদ্ভুত ঘটনা সংঘটিত হৈছে আমেৰিকাৰ নিউয়ৰ্কৰ জন এফ কেনেডি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে যাত্ৰীজনৰ লাগেজ খুলি উদ্ধাৰ কৰে এই মেকুৰীটো।

বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে, পৰিবহণ নিৰাপত্তা প্ৰশাসনৰ কৰ্মচাৰীয়ে লাগেজ স্কেন কৰাৰ সময়ত পৰ্দাত কিবা এটা উপলব্ধি কৰাৰ পিছতে লাগেজটো খুলি দিয়ে। বেগটোৰ পৰা উদ্ধাৰ হৈছে এটা কমলা ৰঙৰ মেকুৰী। জানিব পৰা মতে যাত্ৰীজন নিউয়ৰ্কৰ পৰা ফ্ল’ৰিডাৰ অৰলেণ্ডোলৈ গৈ আছিল। জেৰাৰ সময়ত যাত্ৰীজনে কয় যে মেকুৰীটো তেওঁৰ পৰিয়ালৰ এজন সদস্যৰ। অৱশ্যে তেওঁ মেকুৰীটোক লৈ যোৱাৰ কাৰণ বিমানবন্দৰ কৰ্তৃপক্ষই অৱগত কৰা নাছিল। এই ঘটনাৰ পিছত আন এখন বিমানত মেকুৰীটো লৈ ঘৰলৈ উভতি আহে মানুহজন।

Leave A Reply

Your email address will not be published.