নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ নিশা মহানগৰীৰ খ্ৰীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী ইণ্ডিগ’ বাহনে খুন্দা মাৰে ৰৈ থকা এখন ট্ৰাকত।দিছপুৰ অভিমুখে গৈ আছিল বাহনখন।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01BH 2560 । দুৰ্ঘটনাগ্ৰস্ত ইণ্ডিগ’ বাহনখন সম্পূৰ্ণ সোমাই যায় ৰৈ থকা ট্ৰাকখনৰ তলত। বাহনখনত আছিল ৪ জনকৈ লোক। নিশাই আহত ৪ জনক প্ৰেৰণ কৰা হয় GMCH লৈ।