শিঙিয়া সমবায় সমিতি লিমিটেডৰ অহা ২ জানুৱাৰীত হ’ব লগা ১৫ জনীয়া সমিতিৰ বাবে আজি ৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। নিৰ্বাচনী বিষয়া ৰূপৰঞ্জন দাসে জনোৱা মতে ৩৪ গৰাকী প্ৰাৰ্থীৰ আটাইকেইজনৰে মনোনয়ন বৈধ পোৱা গৈছে আৰু তেওঁলোকৰ মাজৰে পৰা ১৫ জন সদস্য নিৰ্বাচিত হ’ব। সমবায়খনৰ অন্তৰ্গত শিঙাৰী, চতিয়ান, মাহগুৰি আৰু তিনিচুকীয়া পঞ্চায়তৰ মুঠ ৩৭০০ গৰাকী ভোট দাতাই ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। অহা ২ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ফলাফল ঘোষণা কৰা হ’ব অহা ৪ জানুৱাৰীত।
জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট।