উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং অঞ্চলৰ এটা সোণৰ খনিত আবদ্ধ হৈ আছে ১৮ জন শ্ৰমিক।
উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰি আছে। শনিবাৰে বিয়লি কাজাখস্তান সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত থকা ইনিং কাউন্টিত সোণৰ খনিটোত ৪০ জন লোকে কাম কৰি আছিল।
সেই সময়ত সোণৰ খনিটো ভাঙি যায়। খনিৰ পৰা উদ্ধাৰ কৰা হৈছে ২২ জন শ্ৰমিক। এতিয়াও খনিৰ ভিতৰত আবদ্ধ হৈ আছে ১৮ জন লোক।
এনে দুৰ্ঘটনা প্ৰায়ে চীনৰ খনিত সংঘটিত হয়। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কয়লা খনি ভাঙি ১৯ জন খনিত আবদ্ধ হৈ পৰিছিল।