Daily Time Axom

নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন

0 146


গুৱাহাটী, ৩ জানুৱাৰী: অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলৰ এটা বিশেষ সন্থা হৈছে নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা । ২০১৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে জন্মলাভ কৰা এই সন্থাই ছয়তি বছৰ অতিক্ৰম কৰি সাতটা বছৰত ভৰি দিছে । নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ষষ্ট বাৰ্ষিক অধিবেশনখনি গুৱাহাটীৰ লোক নিৰ্মাণ ভৱনৰ সভাকক্ষ্যত অনুষ্ঠিত কৰা হয় । উক্ত অধিবেশনখনিত নিমন্ত্ৰণিঅতিথি হিচাপে দৈনিক আমাৰ প্ৰণাম কাকতৰ সম্পাদক দেৱজিৎ সৰকাৰ ,হিন্দী প্ৰাত:খৱৰ সম্পাদক বিনোদ কুমাৰ সিং ,পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যলয়ৰ সহ শিক্ষক তীৰ্থমনি ডেকা নৱকুমাৰ শৰ্মা, নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰী সমিতিৰ সভাপতি ৰাস্না মনি গগৈ সাধাৰণ সম্পাদক তৰুন গগৈ উপস্থিত থকাৰলগতে বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিকৰ লগতে দূৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ প্ৰাক্তন সভাপতি ও নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ উপদেষ্টা ধৰ্মকান্ত গগৈ থকাৰ লগতে ।

এই অধিবেশনতে সাংবাদিকজগতৰ লগত জড়িত ব্যক্তিৰ লগত সমাজৰ সেৱা বিভিন্ন ভাৱে জড়িত সৰ্বমুঠ ২৬ জন ব্যক্তিক ফুলাম গামোচা, চেলেংচাডৰ তফিৰে সম্বৰ্ধনা জনোৱা লগতে একোটি কৈ বটাঁ প্ৰদানকৰা হয় ।বঁটা প্ৰাপক সকলৰ ভিতৰত আছে গুৱাহাটী ৰ GRP আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস ‘ গোগামুখৰ শিক্ষক বিমল স্বৰ্গীয়াৰী , বেতনি পাম গাওঁ সভাপতি পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈ ,প্ৰতিদিন কাকতৰ সাংবাদিক মনোজ ডেকা , গণ অধিকাৰ কাকতৰ সাংবাদিক মাইনা গোস্বামী ,নিয়মিয়া বাৰ্তা সাংবাদিক দিপাংকৰ পাল , Dy সাংবাদিক কিশোৰ কলিতা ,গোগামুখৰ Dy সাংবাদিক হেমচন্দ্ৰ বৰদেউৰী ,দৈনন্দিন বাঁতা কাকতৰ সাংবাদিক গৌতম কাকতি যুৱ উদ্যোগি ৰামনাথ তাঁতি , নৰুতম তাঁতি,বৰনালী বৰগোহাঁই ,নৱনিৰ্ব্বাচিত অসমৰ সভাপতি ড.ৰাজীৱ কুমাৰ মহত্ব আদি কৰি প্ৰায় ২৬ জনক বটাঁ প্ৰদান কৰাহয় ! লগতে অসম ৰাজ্যিক সমিতি খন ও গঠন কৰা হয় সভাপতি ৰাজীৱ কুমাৰ মহত্ত্ব , কাৰ্য্যবাহী সভাপতি আহাৰ আলি আহমেদ , , সহকাৰী সম্পাদক ভাস্কৰ হাজৰিকাকে ধৰি ১২ জনীয়া ৰাজ্যিক সমিতি খন গঠন কৰা হয় ! উক্ত সভাতে প্ৰতিষ্ঠাপক সভাপতি ৰাস্না মনি গগৈ সম্পাদনাত পূৃ্ৰ্বোদয় নামেৰে এখন আলোচনী প্ৰকাশ কৰা হয় !

Leave A Reply

Your email address will not be published.