প্ৰেমিকে প্ৰেমিকাক হত্যা কৰি ৩৫টা ভিন্ন স্থানত প্ৰেয়সীৰ শৰীৰৰ টুকুৰা সিঁচি দিছিল। দিল্লীত শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনেৱালাৰ বিৰুদ্ধে তিনি হাজাৰ পৃষ্ঠাৰ অভিযোগনামা প্ৰস্তুত কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, কমেও ১০০জন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰি তদন্তত লাভ কৰা বৈদ্যুতিন আৰু ফৰেনছিক প্ৰমাণৰ ভিত্তিত অভিযোগনামা প্ৰস্তুত কৰা হৈছে।

আফতাবে নাৰ্কো টেষ্টৰ সময়ত প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে বুলি দিল্লী আৰক্ষীয়ে দাবী কৰিছে। সেই কথাও খচৰা চাৰ্জ শ্বীটত উল্লেখ কৰা হৈছে। সম্প্ৰতি আৰক্ষীৰ খচৰা চাৰ্জশ্বীটৰ ওপৰত চৰকাৰৰ আইনী বিশেষজ্ঞই তদন্ত চলাই আছে।
তদুপৰি দিল্লীৰ মেহৰাউলীৰ জংঘলত উদ্ধাৰ হোৱা শৰীৰৰ অংগসমূহৰ মাইট’কণ্ড্ৰিয়াল ডি এন এ পৰীক্ষাও কৰি আছে তদন্তকাৰীয়ে। জানুৱাৰীৰ শেষৰ ফালে দিল্লী আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰিব।
মুম্বাইত থকাৰ সময়তে শ্ৰদ্ধা আৰু আফতাবৰ চিনাকী হয়। লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। কিন্তু শ্ৰদ্ধাৰ পৰিয়ালে এই সম্পৰ্ক মানি নলোৱাৰ বাবে দুয়োজনে মুম্বাই এৰি দিল্লীলৈ গুচি আহি একেলগে থাকিবলৈ আৰম্ভ কৰে।
অভিযোগ উত্থাপন হৈছে যে যোৱা বছৰৰ ১৮ মে’ত শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰা হৈছিল আৰু পেছাদাৰী চেফ আফতাবে তেওঁৰ মৃতদেহ ৩৫ টুকুৰা কাটি পেলাইছিল। আফতাবে শৰীৰৰ অংগবোৰ জমা কৰিবলৈ ৩০০ লিটাৰৰ ফ্ৰীজ এটাও কিনিলে, আৰু মাংস কাটিবলৈ ভাল দা এখন কিনে। ইয়াৰ পিছত আফতাবে প্ৰায় ৩ সপ্তাহ পুৱা ২ বজাত বাহিৰলৈ ওলাই আহি দিল্লীৰ মেহৰাউলীৰ জংঘলকে ধৰি কেইবাটাও ঠাইত শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰাবোৰ সিঁচি পেলায়।
শ্ৰদ্ধাৰ ঘনিষ্ঠ বন্ধুসকলে কয় যে এই ঘটনাৰ কেইবাদিনো পূৰ্বে শ্ৰদ্ধাই আফতাবৰ সৈতে সম্পৰ্ক ভংগ কৰিব বিচাৰিছিল। তদুপৰি আফতাবে তেওঁলোকৰ সম্পৰ্ক শেষ কৰিবলৈ মান্তি হোৱা নাছিল। ইয়াৰ মাজতে ১৮ মে’ত চূড়ান্ত কাজিয়াত লিপ্ত হয় শ্ৰদ্ধা-আফতাব। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে অনুমান কৰে যে আফতাবে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল।