Daily Time Axom

বিৰাটৰ পৰা কি বিচাৰিছে সৌৰভে

0 38

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিৰাট কোহলীৰ বেটৰ পৰা ৰাণ বিচাৰিছে সৌৰভ গাংগুলীয়ে।

প্ৰসংগক্ৰমে বিৰাট বিগত বৰ্ষৰ এছিয়া কাপৰ পৰাই আঁতৰি আছিল । টি-২০ বিশ্বকাপতো তেওঁৰ ফৰ্ম আছিল অতি উত্তম। ইয়াৰ পিছত বাংলাদেশ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে শতাধিক ৰাণ কৰে। ফলত বিৰাটকলৈ আশা বৃদ্ধি পাইছে।

গতিকে এই টেষ্টতো বহুতেই বিৰাটৰ বেটেৰে ৰাণ বিচাৰিছে। সৌৰভও ইয়াৰ ব্যতিক্ৰম নহয়। তেওঁৰ মতে ভাৰতীয় ক্ৰিকেট বিৰাটৰ ওপৰত নিৰ্ভৰশীল। সৌৰভে কয় যে, ‘বিৰাট কোহলী ফৰ্মত আছে। বাংলাদেশ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ৰাণ সংগ্ৰহ কৰিব পাৰিব বুলি আশা কৰিছে সৌৰভে। এইবাৰ টেষ্টতো ৰান কৰিব লাগিব বিৰাটে। অষ্ট্ৰেলিয়া আহি আছে। সৌৰভে এখোজ আগুৱাই গৈ কয়, “মই বিচাৰো ভাৰত আৰু অষ্ট্ৰেলিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলক।” ভাৰতৰ সম্ভাৱনাক লৈ আশাবাদী সৌৰভে কয়, ‘ভাৰতীয় দল অতি শক্তিশালী। বৰ্তমান যি দলে খেলি আছে সেই দলটোক বিশ্বকাপলৈকে ধৰি ৰাখিব লাগে। নিৰ্বাচক আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে দলটো ধৰি ৰাখিবলৈ চেষ্টা কৰক। তেতিয়া বিশ্বকাপৰ কথা বেছি চিন্তা কৰিব নালাগে।”

Leave A Reply

Your email address will not be published.