Daily Time Axom

‘লাডাখত গণতন্ত্ৰ নাই, মই গৃহবন্দী’, সোণম ৱাংচুকৰ বিস্ফোৰক দাবী

0 40

মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছত তীব্ৰ ঠাণ্ডাৰ মাজতে অনশন আৰম্ভ কৰে সমাজ কৰ্মী সোণম ৱাংচুকে ওৰফে ‘থ্ৰী ইডিয়টছ’ চিনেমাৰ ‘ফাংছুক ৱাংগ্ৰু’। অশান্ত লাডাখৰ জনসাধাৰণ আৰু পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল তেওঁ। কিন্তু শুকুৰবাৰে নিশা ১১:৩০ বজাৰ ভিতৰত সোণম ৱাংচুকে ফেচবুকত পোষ্ট কৰি তেওঁক গৃহবন্দী কৰা হৈছে বুলি দাবী কৰে।

এটা ভিডিঅ’ত তেওঁ কৈছে, “মোক গৃহবন্দী কৰি ৰখা হৈছে। ক’বলৈ গ’লে গৃহবন্দীতকৈও বেয়া পৰিস্থিতি এতিয়া।” উল্লেখযোগ্য যে সোণমে পাঁচ দিন ধৰি অশন আৰম্ভ কৰিছিল। দীৰ্ঘদিন ধৰি লাডাখৰ জনসাধাৰণে দাবী জনাই আহিছে যে তেওঁলোকক এখন পূৰ্ণ ৰাজ্য হিচাপে স্বায়ত্তশাসনৰ অধিকাৰ প্ৰদান কৰিব লাগে। ৰাজ্যখন স্বীকৃতি নাপালেও সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি স্বতন্ত্ৰ সিদ্ধান্ত গ্ৰহণৰ দাবী সকলো লাডাখবাসীৰ। ইতিমধ্যে সোণমে এই দাবী উত্থাপন কৰিছে।

সোণমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আবেদন জনাইছে যে লাডাখত অত্যধিক উদ্যোগ গঢ় লৈ উঠিছে। ফলত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বাঢ়িছে। এতিয়াৰ বাবে ৰাইজৰ জীৱিকা ভাল হ’লেও কেইদিনমানৰ ভিতৰতে সমগ্ৰ লাডাখ ধ্বংস হৈ যাব। সেয়ে প্ৰধানমন্ত্ৰীয়ে লাডাখ আৰু অন্যান্য হিমালয় অঞ্চল সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভিডিঅ’টোত সোণমে প্ৰধানমন্ত্ৰীক স্পষ্ট বাৰ্তা দি কয় যে, “আপুনি হস্তক্ষেপ কৰক। সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি লাডাখৰ প্ৰকৃতি বচাওক।”

কিন্তু এইবাৰ সোণমে কয় যে প্ৰশাসনে তেওঁক গৃহবন্দী কৰিছে। ১৮ মিনিটৰ এই ভিডিঅ’টোত তেওঁক লাডাখৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা কোৱা দেখা গৈছিল। তেওঁৰ ভাষাত, “সকলো মানুহেই কষ্ট পাইছে।” উদাহৰণ স্বৰূপে যুৱ সমাজক লৈ চাওক। চাকৰি পোৱা নাই। ১২ হাজাৰ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও ৮০০ লোকে চাকৰি পাইছিল। সেইটোও পুলিচত। এতিয়া চৌদিশে প্ৰতিবাদ। মানুহে ভয় খাইছে।”

তেওঁৰ অনুশোচনা কৰি কয়, “মানুহৰ ইয়াত কোনো অধিকাৰ নাই।গণতন্ত্ৰ নাই।”

Leave A Reply

Your email address will not be published.