Daily Time Axom

কাকজানত বিজেপি চিপাহীখোলা মণ্ডলৰ উদ্যোগত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত

0 43


কাকজান ক্ৰীড়া সন্থাৰ খেল পথাৰত ভাৰতীয় জনতা যুৱ মৰ্চা আৰু কৃষাণ মৰ্চা,চিপাহীখোলা মণ্ডলৰ উদ্যোগত কাকজান ক্ৰীড়া সন্থাৰ সহযোগত আন্ত: জিলা ভিত্তিত এখনি আমন্ত্ৰণমূলক পুৰুষ আৰু মহিলা দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

উক্ত প্ৰতিযোগিতাখনিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় কুৰিটাৰো অধিক পুৰুষ মহিলা ভলীবল দলে যোগদান কৰিছে।উক্ত অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, চিপাহীখোলা মণ্ডলৰ বিজেপিৰ সভাপতি ৰাতুল বৰঠাকুৰ , যুৱ মৰ্চাৰ জিলা সভাপতি পাৰ্শ্ব জ্যোতি বৰা, উপসভাপতি হৰেকৃষ্ণ দত্ত,কৃষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য মাধুৰ্য শইকীয়া,যোৰহাট জিলা কাৰ্যনিৰ্বাহক সদস্যা ৰুমী চেতিয়া, যোৰহাট জিলা কৃষাণ মৰ্চা সভাপতি ত্ৰৈলোক্য ভূঞা ,টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, কাকজান ক্ৰীড়াসন্থাৰ ৰূপক ৰঞ্জন শইকীয়া,পুলিন বৰুৱা, কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা তুফেল জিলানীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।লগতে চিপাহীখোলা মণ্ডল বিজেপিয়ে নৱপ্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই অনাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে তাক সকলোৱে আদৰণি জনাইছে।ইপিনে উক্ত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অসম উদ্যোগিক আন্ত:গাঠনি উন্নয়ন নিগমৰ অধ্যক্ষ তথা যোৰহাট ক্ৰীড়াসন্থাৰ সভাপতি শান্তনু পূজাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে আৰু এই ক্ৰীড়াৰ পৰিবেশে সকলোৰে মাজত ভাতৃত্ববোধ তথা প্ৰতিভা বিকাশ আৰু যুৱ উশৃংখলতা ৰোধৰ ক্ষেত্ৰত অধিক সহায়ক হৈছে বুলি মন্তব্য কৰিছে অধ্যক্ষ গৰাকীয়ে।উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন তিতাবৰ কছাৰী গাঁও ভলীবল দলৰ আৰু নকছাৰী ভলীবল কচিং চেন্টাৰৰ মাজত অনুষ্ঠিত হয় আৰু এক ৰোমাঞ্চকৰ পৰিবেশত তিতাবৰৰ দলটোৱে বিজয় সাব্যস্ত কৰে।

Leave A Reply

Your email address will not be published.