Daily Time Axom

সোণাৰিত প্ৰীতি ক্ৰিকেট খেলত দৈনিক জনমভূমি-প্ৰাগ নিউজ একাদশ জয়ী

0 57

সোণাৰি ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত হোৱা এখন প্ৰীতি ক্ৰিকেট খেলত দৈনিক জনমভূমি-প্ৰাগ নিউজ একাদশে চৰাইদেউ সাংবাদিক একাদশক ছয় উইকেটত পৰাজিত কৰে। সোণাৰিৰ দুই প্ৰয়াত সাংবাদিক গদাধৰ চুতীয়া আৰু আব্দুক ৰফিকৰ সোঁৱৰণত অনুষ্ঠিত হোৱা খেল খনৰ আৰম্ভণিতে দুইটা দলৰ খেলুৱৈ সকলক চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা আৰু অতিৰিক্ত উপাযুক্ত জাভেদ আৰমানৰ লগত চিনাকি কৰোৱাই দিয়া হয়। প্ৰথমে বেট ধৰা চৰাইদেউ সাংবাদিক একাদশে নিৰ্ধাৰিত ১২ অভাৱত তিনি উইকেট হেৰুৱাই ৯৭ ৰাণ কৰে। দলটোৰ হৈ কপিল চেতিয়াই সৰ্বোচ্চ ৪৩ আৰু মৃত্যুঞ্জয় দাসে ১৭ ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত যোৰহাটৰ পৰা অহা দৈনিক জনমভূমি-প্ৰাগ নিউজ দলে দুই বল বাকী থকা অৱস্থাত ৪ উইকেট হেৰুৱাই জয়ৰ বাবে প্ৰয়োজন হোৱা ৯৮ ৰাণ সংগ্ৰহ কৰি জয়ী হয়। বিজয়ী দলটোৰ হৈ দেৱজিত গায়নে সৰ্বোচ্চ ৪৭ ৰাণৰ বৰঙনি আগবঢ়ায়। খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰয়াত গদাধৰ চুতীয়া আৰু আব্দুক ৰফিকৰ সহধৰ্মিনী কাঞ্চন চুতীয়া আৰু ৰঞ্জীতা বৰপূজাৰীৰ লগতে সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী মণি গগৈয়ে দুই দলক ট্ৰফী প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.