Daily Time Axom

৭ আৰু ৮ মাৰ্চত গুৱাহাটীত ন’ ড্ৰোণ ফ্লাই জ’ন ঘোষণা কামৰূপ মহানগৰ প্ৰশাসনৰ

0 30

নিউজ ডেস্ক, ৬ মাৰ্চঃ ৭ আৰু ৮ মাৰ্চত ন’ ড্ৰোণ ফ্লাই জ’ন ঘোষণা কামৰূপ মহানগৰ প্ৰশাসনৰ। এই দুটা দিনত গুৱাহাটীত উৰুৱা নোৱাৰিব কোনো ড্ৰোণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি।

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ শপতগ্ৰহণৰ বাবে অহা ৭ মাৰ্চত প্ৰথমে গুৱাহাটীত আহি উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যাৰ বাবে তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক বিজেপিৰ লগতে প্ৰশাসন।

গুৱাহাটীৰ পৰা ৮ মাৰ্চত ত্ৰিপুৰালৈ যাব নৰেন্দ্ৰ মোদী। পুৱা ৯:৩০ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে শপতগ্ৰহণ অনুষ্ঠানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণসূচীৰ বাবেই ৭ আৰু ৮ মাৰ্চত ন’ ড্ৰোণ ফ্লাই জ’ন ঘোষণা কৰিছে প্ৰশাসনে।

Leave A Reply

Your email address will not be published.