Daily Time Axom

পাকিস্তানত এটা আত্মঘাতী বোমা বিস্ফোৰণত বিধ্বস্ত আৰক্ষীৰ ট্ৰাক, ৯জন আৰক্ষী নিহত

0 52

নিউজ ডেস্ক, ৬ মাৰ্চঃ পাকিস্তানৰ বেলুচিস্তান ৰাজ্যৰ বোলান অঞ্চলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন আৰক্ষী ট্ৰাকক বিস্ফোৰকৰ দ্বাৰা লক্ষ্য কৰা হয় । সোমবাৰে সংঘটিত ঘটনাটোত ৯ জন আৰক্ষী নিহত আৰু প্ৰায় ১৫ জন আহত হয়।

জানিব পৰা মতে, চিবিৰ পৰা কোৱেটালৈ আৰক্ষী কঢ়িয়াই অনা ট্ৰাকখন বোলানৰ লেণ্ডি খোছাৰ ওচৰত বিস্ফোৰকৰ দ্বাৰা লক্ষ্য কৰা হৈছিল। ঘটনাটো বেলুচিস্তানৰ বোলান অঞ্চলৰ কাম্বাৰী দলঙত সংঘটিত হৈছিল। বৰ্তমান, আক্ৰমণৰ ঘটনাক লৈ তদন্ত অব্যাহত আছে ।

Leave A Reply

Your email address will not be published.