নিউজ ডেস্ক, ৬ মাৰ্চঃ মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক হত্যাৰ অপচেষ্টা উদণ্ড প্ৰেমিকৰ। আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়ালে প্ৰেমিকাক। ডিঙি আৰু মূৰত যথেষ্ট আঘাত পাইছে যুৱতীগৰাকীয়ে৷ দেওবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো
সম্প্ৰতি সংকটজনক অৱস্থাত AMCHত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই। প্ৰেমিক আকাশ দত্ত এজন ড্ৰাগছ আসক্ত যুৱক বুলি জানিব পৰা গৈছে। যুৱকজনে পূৰ্বেও আক্ৰমণ কৰিছিল প্ৰেমিকাক। ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে প্ৰেমিক আকাশ দত্ত।