২০০৯ চনত এ আৰ ৰহমানে ‘স্লামডগ মিলিয়নেয়াৰ’ ছবিৰ ‘জয় হো’ গীতৰ বাবে অস্কাৰ লাভ কৰিছিল।
আৰ আৰ আৰ ছবিৰ ‘নাটো নাটো’ গীতটোৰ বাবে অস্কাৰ লাভ কৰাৰ পিছতে অস্কাৰৰ নষ্টালজিয়াই বুৰাই পেলাইছিল ৰহমানক। ৰহমানে টুইটযোগে ৰাজমৌলি, সংগীত পৰিচালক এম এম কিৰাবাণী, গীতিকাৰ চন্দ্ৰ বসুক শুভেচ্ছা জনায়। ৰহমানে লিখিছে, “আপোনালোকৰ জয় হওক”!
সোমবাৰে সপ্তাহটোৰ প্ৰথম দিনটোতে সমগ্ৰ ভাৰতৰ চকু লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত আছিল।
আশা পূৰণ হ’ল সকলোৰে।
‘আৰ আৰ আৰ’ চিনেমাৰ ‘নতু নাতু’ গীতটিয়ে শ্ৰেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰে।
অস্কাৰ লাভ কৰে সুৰকাৰ এম এম কিৰাৱনী আৰু গীতিকাৰ চন্দ্ৰ বসুৱে। ৰাজামৌলি আৰু ‘আৰ আৰ আৰ’ দললৈ অভিনন্দন।