নিউজ ডেস্ক, ১৬ মাৰ্চঃ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ । পশ্চিম ব’মডিলাৰ মান্দালাত সংঘটিত হৈছে এই ঘটনা। পুৱা ৯.১৫ বজাত এ টি চিৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল হেলিকপ্টাৰখনৰ। চিতা হেলিকপ্টাৰখনৰ সন্ধানত ইতিমধ্যেই অভিযান আৰম্ভ কৰিছে সেনাবাহিনীয়ে। হেলিকপ্টাৰখনত আছিল দুজনকৈ পাইলট । বৰ্তমানলৈকে জানিব পৰা হোৱা মৃত অথবা আহতৰ সংখ্যা।
দুৰ্ঘটনাগ্ৰস্ত হেলিকেপ্টাৰখন জ্বলন্ত অৱস্থাত সন্ধান পোৱা গৈছে। এই খবৰ লাভ কৰাৰ পাছতে সেনা, এছ এছ বি আৰু আৰক্ষীৰ অনুসন্ধান তথা উদ্ধাৰকাৰী দল সেই স্থানলৈ ৰাওনা হয়।