Daily Time Axom

আকাশমাৰ্গত ধূমপান কৰি গ্ৰেপ্তাৰ এগৰাকী অসমীয়া

0 25

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ইণ্ডিগো বিমানৰ শৌচাগাৰত ধূমপান কৰাৰ অভিযোগত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই এজন অসমীয়া যাত্ৰীক গ্ৰেপ্তাৰ।

বিমানবন্দৰ আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোকজনক শ্বেহাৰী চৌধাৰী বুলি চিনাক্ত কৰা হৈছে। 6E 716 ইণ্ডিগো বিমানেৰে অসমৰ পৰা বেংগালুৰুলৈ আহি থকা অৱস্থাত তেওঁ বিমানৰ শৌচাগাৰত ধূমপান কৰা বুলি স্বীকাৰ কৰিছে।

বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে লোকজনক জিম্মাত লোৱা হয়।এই সন্দৰ্ভত বিমানবন্দৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.