মানুহ এতিয়া ব্যস্ত। ব্যস্ততাত সময় বিচাৰি উলিওৱাটোৱেই এতিয়া প্ৰত্যাহ্বান। বহুতে পৰিয়াল নতুবা নিজৰ বাবেই নহয় , আনকি ব্যায়ামৰ বাবেও সময় নাথাকে।
সময় এতিয়া বহুমূলীয়া। কিন্তু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে ১১ মিনিট সময় উলিয়াব পাৰিলে অকাল মৃত্যুৰ পৰা হাত সাৰিব পাৰি।
কোৱা হয় যে শৰীৰ সুস্থ কৰি ৰাখিবলৈ ব্যায়ামৰ প্ৰয়োজন। সেই ব্যায়াম হ’ব পাৰে খোজ কঢ়া, নাচ নচা, টেনিছ খেলা, সাঁতোৰা আদি। এইবোৰৰ বাবে জিমলৈ যোৱাৰ প্ৰয়োজন নাই।
দিনটোৰ যিকোনো সময়তে কৰিব পাৰি। বিশেষকৈ যেতিয়া খোজ কাঢ়িব পাৰি। কোৱা হয় যে এজন ব্যক্তিয়ে হঠাৎ হৃদৰোগ বা মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ সপ্তাহত ১৫০ মিনিট ব্যায়াম কৰিব লাগে।
অৰ্থাৎ দিনটোত প্ৰায় ২২ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপ কৰিব লাগে। কিন্তু সময় উলিওৱাটো বহুতৰে বাবে সম্ভৱ নহয়। সেই ক্ষেত্ৰত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে যদি ইমান সময় দিয়া সম্ভৱ নহয়, তেন্তে দিনটোত কমেও ১১ মিনিট সময় দিব লাগে।
অৰ্থাৎ সপ্তাহত ৭৭ মিনিট দিব লাগে। যিটো অতি ব্যস্ত মানুহৰ বাবেও সম্ভৱ। অন্ততঃ এজনৰ আগতীয়া মৃত্যুৰ সম্ভাৱনা এৰাই চলাটো সম্ভৱ। যদি এই ১১ মিনিটত একো কৰিব নোৱাৰে তেন্তে গৱেষকসকলে দ্ৰুতগতিত খোজ কঢ়াৰ পৰামৰ্শ দিয়ে। সেইটোৱে অকাল মৃত্যুৰ সম্ভাৱনাৰ পৰা হাত সাৰিব পাৰে।