Daily Time Axom

আজিৰে পৰা ডিব্রুগড়ত G20 সন্মিলন

0 33

নিউজ ডেস্ক, ২৩ মাৰ্চঃ আজিৰে পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে G20 গৱেষণা আৰু উদ্ভাৱন উদ্যোগ সংগ্ৰহ সন্মিলন। এই সন্মিলনত G20 সদস্য, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধি আৰু বৈজ্ঞানিক সম্প্ৰদায়ৰ আমন্ত্ৰিত অংশগ্ৰহণকাৰীসকলে এক বহনক্ষম আৰু বৃত্তাকাৰ জৈৱ-অৰ্থনীতি গঢ়ি তোলাৰ উপায়ৰ ওপৰত আলোচনা কৰিব।

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব ড০ এছ চন্দ্ৰশেখৰ আৰু G20 RIIG অধ্যক্ষই সন্মিলনৰ কাৰ্যক্ৰমৰ নেতৃত্ব দিব। উল্লেখ্য যে, G20 RIIG সন্মিলনখন ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ দ্বাৰা সমন্বিত অনুষ্ঠান হ’ব। সন্মিলনখনত প্ৰায় ১০০ জন প্ৰতিনিধি আৰু আমন্ত্ৰণকাৰীয়ে অংশগ্ৰহণ কৰিব ।

Leave A Reply

Your email address will not be published.