Daily Time Axom

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী ৰেনুকা চৌধুৰীৰ মানহানিৰ গোচৰ

0 43

মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ পিছত কংগ্ৰেছে পাছলৈ মোডীক লক্ষ্য কৰি লৈছে।

কংগ্ৰেছ নেত্ৰী ৰেনুকা চৌধুৰীয়ে পাঁচ বছৰীয়া পুৰণি মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ মতে এইবাৰ মই চাব বিচাৰো যে আদালতে কিমান সোনকালে ব্যৱস্থা গ্ৰহণ কৰে।

২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰেণুকা চৌধুৰীক ‘শূর্পণখা’ৰ সৈতে তুলনা কৰিছিল। দৰাচলতে

২০১৮ চনৰ ৭ ফেব্ৰুৱাৰীত যেতিয়া প্ৰধানমন্ত্ৰীয়ে বাজেট অধিবেশনৰ প্ৰতি সঁহাৰি দি আছিল, তেতিয়া বিৰোধীৰ হুলস্থুলৰ মাজতে ৰেণুকাই জোৰেৰে হাঁহিছিল। তেতিয়াৰ ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে ৰেনুকাৰ হাঁহি শুনি ৰেনুকাক ধমক দিছিল। তেতিয়াই মোদীয়ে কৈছিল, “ৰেণুকাজীক একো নকব। ৰামায়ণ ধাৰাবাহিকখনৰ পিছত প্ৰথমবাৰৰ বাবে এই ধৰণৰ হাঁহি শুনিছোঁ।”

শুকুৰবাৰে কংগ্ৰেছ নেত্ৰী ৰেনুকা চৌধুৰীয়ে টুইট কৰি মোডীৰ ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰে।

তেওঁ মোডীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি অৱগত কৰিছে। টুইটত ৰেণুকাই সেইদিনা সংসদত মোডীৰ মন্তব্যৰ এটা অংশ সন্নিবিষ্ট কৰে। য’ত মোদীয়ে তেওঁক ৰামায়ণৰ ‘শূর্পণখা’ৰ চৰিত্ৰৰ সৈতে তুলনা কৰিছিল। তেওঁ লগতে লিখিছে, “এই অহংকাৰী মানুহজনে মোক ‘শূর্পণখা’ৰ লগত তুলনা কৰিছিল সংসদত। তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিম। এতিয়া মই চাব বিচাৰো যে আদালতে তেওঁৰ বিৰুদ্ধে কিমান সোনকালে ব্যৱস্থা লয়।”

Leave A Reply

Your email address will not be published.