Daily Time Axom

‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ

0 33

নিউজ ডেস্ক, ২৪ মাৰ্চঃ সাংসদ পদ হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে। লোকসভা সচিবালয়ে শুকুৰবাৰে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে দোষী সাৱ্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছিল নেতা গৰাকীক। কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে ২০১৯ চনৰ এক গোচৰৰ বাবে দোষী সাৱ্যস্ত হৈছিল নেতা গৰাকী। কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ বাবেই দোষী সাৱ্যস্ত হৈছিল নেতাগৰাকী

Leave A Reply

Your email address will not be published.