Daily Time Axom

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত স্বামী–স্ত্ৰী

0 32

নিউজ ডেস্ক, ২৭ মাৰ্চঃ নলবাৰীৰ মুগকুছিত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰীৰ পৰা বগলচৰোডলৈ অহাৰ পথত As 01EZ 4055 নম্বৰৰ ব্যক্তিগত বাহনখনৰে গৈ থকাৰ সময়ত তীব্ৰ বেগেৰে এডাল গছত খুন্দা মাৰে।

দুৰ্ঘটনাত থিতাতে নিহত হয় স্বামী- স্ত্ৰীৰ৷ অৱশ্যে কোনোমতে প্ৰাণ ৰক্ষা পৰে দেৱশিশুটোৰ। শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত নিহত স্বামীৰ নাম সঞ্জয় শৰ্মা আৰু পত্নীৰ নাম মানসী শৰ্মা বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.