একল অভিযানৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত আজিৰে পৰা (২৮, ২৯ আৰু ৩০ মাৰ্চত) তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমদ্ভাগৱত কথাৰ আয়োজন কৰা হয় । গোসাঁইগাঁও কমলনাথ ক্লাৱ কাম লাইব্ৰেৰীৰ বাকৰিত আয়োজিত শ্ৰীমদ্ভাগৱত কথাৰ কাৰ্য্যসূচীৰ আজি “কলহ যাত্ৰাৰে কাৰ্য্যসূচীৰ আৰম্ভণি কৰা হয় ৷ ইয়াৰ পিছত ভাগৱত কথা আৰু আই মাতৃ সকলৰ নামপ্ৰসংগ অনুষ্ঠিত কৰা হয় । একল অভিজানৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ দাসে পিছপৰা অঞ্চলৰ যুৱক যুৱতী সকলৰ মাজত পঞ্চমুখী শিক্ষা প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি আধ্যাত্মিক সজাগতা অনাৰ লক্ষ্যৰে উক্ত শ্ৰীমদ্ভাগৱত কথাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে ৷