এইবাৰ ডাকঘৰৰ জৰিয়তে সৰু সৰু সঞ্চয় আঁচনিৰ বাবেও পান আৰু আধাৰ কাৰ্ড বাধ্যতামূলক হ’ব। ২০২২-২৩ বিত্তীয় বৰ্ষৰ অন্তিম দিনটোত শুকুৰবাৰে কেন্দ্ৰই এক অধিসূচনা জাৰি কৰে। অৰ্থাৎ, এতিয়াৰ পৰা প্ৰতিজন গ্ৰাহকে যদি প্ৰভিডেন্ট ফাণ্ড বা ভৱিষ্যনিধি, জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি বা সুকন্যা সমৃদ্ধি যোজনাত ধন ৰাখিব বিচাৰে তেন্তে তেওঁলোকৰ আধাৰ আৰু পান কাৰ্ডৰ নম্বৰ দিব লাগিব।
যিসকলৰ আধাৰ কাৰ্ড নাই, তেওঁলোকে আধাৰ কাৰ্ডৰ নামভৰ্তি নম্বৰ দিব লাগিব। কিন্তু সেই ক্ষেত্ৰত গ্ৰাহকে একাউণ্ট খোলাৰ তাৰিখৰ পৰা ৬ মাহৰ ভিতৰত পেন আৰু আধাৰ লিংক কৰিব লাগিব। যদি কোনোবাই নিজে আধাৰ আৰু পান কাৰ্ড জমা নিদিয়ে তেন্তে তেওঁক দুমাহৰ সময় দিয়া হ’ব। সেই সময়সীমাৰ ভিতৰত যদি পান আৰু আধাৰ নম্বৰ দিয়া নহয় তেন্তে সঞ্চয় আঁচনিৰ একাউণ্ট অনিৰ্দিষ্টকাললৈ বন্ধ হৈ যাব। আধাৰ আৰু পেন নম্বৰ দিলে এই মৰেটৰিয়াম উঠাই লোৱা হ’ব।