Daily Time Axom

পাকিস্তানত হনুমান চলিছাৰ বলতে মই বাচিলোঃচনু নিগম

0 25

বৃহস্পতিবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হৈছে হনুমান জয়ন্তী। এই শুভ দিনটোত জনপ্ৰিয় সংগীত শিল্পী চনু নিগমৰ এক সাক্ষাৎকাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত চনুৱে কৈছিল যে তেওঁ আৰু তেওঁৰ পৰিয়াল হনুমান চলিছাৰ বলতে বাচিছিল পাকিস্তানত!

ইয়াৰ বিষয়ে স্পষ্টকৈ কওঁ। সাক্ষাৎকাৰত নিগমে কয়, মই ২০০৪ চনৰ ১০ এপ্ৰিলত এটা কনচাৰ্টৰ বাবে পাকিস্তানলৈ গৈছিলো। মোৰ লগত পৰিয়াল আৰু বন্ধু-বান্ধৱী আছিল। কনচাৰ্টলৈ যাবলৈ বাছত উঠি মই হনুমান চলিছা জপ কৰি থাকিলোঁ। কনচাৰ্টটো আছিল সেনা শিবিৰৰ কাষতে। হঠাৎ আমাৰ বাছৰ সন্মুখত এখন গাড়ীত বিস্ফোৰণ ঘটে। আমি বাচি যাওঁ। মই জানো হনুমান চলিছাই আমাক ৰক্ষা কৰিলে। হনুমান চলিছাই সৰুৰে পৰা মানসিক শক্তি বৃদ্ধি কৰি আহিছে। গতিকে মই গোটেই জীৱন হনুমান চলিছা পাঠ কৰিম।

Leave A Reply

Your email address will not be published.