Daily Time Axom

যৌনতা ঈশ্বৰৰ এক আচৰিত উপহাৰঃ পোপ ফ্ৰান্সিছ

0 29

পোপ ফ্ৰান্সিছে এইবাৰ যৌন সম্পৰ্কৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছে। তেওঁৰ মতে যৌনতাৰ দৰে আচৰিত কথা কমেইহে আছে পৃথিৱীত। বুধবাৰে ডিজনী প্ৰডাকচন কোম্পানীয়ে মুকলি কৰিছে ‘দ্য পোপ এন্সাৰ্ছ’ নামৰ এখন তথ্যচিত্ৰ। তথ্যচিত্ৰখনত পোপ ফ্ৰান্সিছে যৌনতা আৰু গৰ্ভপাতৰ বিষয়ে আলোচনা কৰা দেখা গৈছে। পোপ ফ্ৰান্সিছে যোৱা বছৰ ৰোমত দহজন প্ৰাপ্তবয়স্কৰ সৈতে এই আলোচনা কৰিছিল। সেই আলোচনাৰ এটা অংশ তথ্যচিত্ৰখনত বন্দী কৰা হৈছে।

পোপে কয় যে যৌনতা এক আচৰিত উপহাৰ। মানৱ জীৱনত যদি ঈশ্বৰৰ এটা আচৰিত উপহাৰ আছে তেন্তে সেয়া হ’ল যৌনতা।” পোপ ফ্ৰান্সিছে আত্মহত্যাৰ সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কৈছিল- “যৌনতা প্ৰকাশ কৰাটো এক প্ৰকাৰৰ বিশুদ্ধতা।” যদি কোনোবাই ইয়াৰ বিপৰীত কথা প্ৰকাশ কৰে তেন্তে এই পবিত্ৰতাক অসন্মান কৰা হয়।”

ইয়াৰ পূৰ্বেও পোপ ফ্ৰান্সিছে যৌন সম্পৰ্কৰ বিষয়ে বহুবাৰ আলোচনা কৰিছিল। আনকি পৰ্ণ উদ্যোগটো কিমান ক্ষতিকাৰক সেই বিষয়েও কৈছিল। পোপ ফ্ৰান্সিছে পৰ্ণ উদ্যোগকো ‘চয়তানৰ দুৱাৰমুখ’ বুলি উল্লেখ কৰিছে। তেওঁ পৰ্ণগ্ৰাফীক পুৰুষ-মহিলাৰ মৰ্যাদাৰ ‘স্থায়ী আঘাত’ বুলি অভিহিত কৰে। পোপ ফ্ৰান্সিছে নিজৰ ভাষাত স্বীকাৰ কৰিছিল যে কেৱল সাধাৰণ মানুহেই নহয়, পুৰোহিতসকলৰো পৰ্ণ চোৱাৰ প্ৰৱণতা আছে। সেয়েহে তেওঁ ফোনৰ পৰা প্ৰাপ্তবয়স্ক ছবি আৰু এপ ডিলিট কৰিবলৈও পৰামৰ্শ দিয়ে যাতে এনে কামনাৰ সামগ্ৰী হাতত নাথাকে।

Leave A Reply

Your email address will not be published.