Daily Time Axom

অস্কাৰ বিজয়ী তথ্যচিত্ৰৰ ‘নায়ক’ ৰঘূৰ লগতে তাৰ পোষক পিতৃ-মাতৃক লগ কৰিলে প্ৰধানমন্ত্ৰীয়ে

0 31

অস্কাৰ লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত গৈ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ নামৰ তথ্যচিত্ৰখনক অভিনন্দন জনায়।

এইবাৰ তামিলনাডুলৈ যোৱাৰ সময়ত সেই তথ্যচিত্ৰখনৰ মূল চৰিত্ৰক লগ কৰে। বেলি আৰু বমমান নামৰ এহাল দম্পতীয়ে এটা হাতী পোৱালি তুলি লৈছিল আৰু সেই বাস্তৱ কাহিনীৰে তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে।

আজি প্ৰধানমন্ত্ৰীয়ে বেলী, বমমান আৰু খুদে ৰঘূক সাক্ষাৎ কৰে।

তামিলনাডুৰ মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলত অৱস্থিত থেপ্পাকাডু হাতী শিবিৰ ৰঘূ থাকে। সেই হাতী শিবিৰতে শ্বুটিং কৰা হৈছিল অস্কাৰ বিজয়ী তথ্যচিত্ৰখনৰ।

আজি প্ৰধানমন্ত্ৰী মোডী থেপ্পাকাডু হাতী শিবিৰলৈ যায়। ইতিমধ্যে তাত তোলা কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।এখন ছবিত বমমান আৰু বেলীৰ কাষত থিয় হৈ ৰঘূৰ গাত আলফুলে হাত বুলাই থকা দেখা গৈছে প্ৰধানমন্ত্ৰীক।

Leave A Reply

Your email address will not be published.