নিউজ ডেস্ক, ১১ এপ্ৰিলঃ ৰাজ্যত পুনৰ বন্যহস্তীৰ আক্ৰমণ। হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী যুৱতী। গোৱালপাৰাত হাতীৰ গছকত নিহত ২১ বছৰীয়া নিলীমা খাতুন নামৰ এগৰাকী যুৱতী। নিশা প্ৰায় ৯ মান বজাত গোৱালপাৰাৰ বগুৱানৰ বোৱালমাৰী গাঁৱত হাতীৰ বৃহৎজাকে চলায় তাণ্ডৱ।
তেনেতে হাতীয়ে গছকি প্ৰাণ কাঢ়িলে যুৱতীগৰাকীৰ।আনহাতে, কোনোমতে পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ আন সদস্যই।