বিহুবৰ খণ্ড বন বিভাগে জব্দ কৰে ৮ ফুট দৈৰ্ঘ্যৰ সাপডাল
শিৱসাগৰৰ সীমান্তৱৰ্তী চণ্টক চাহ বাগিছাত সাপৰ আতংক । ঋতু অনুসৰি গৰমৰ পৰিমাণ কিছু বৃদ্ধি পোৱাৰ লগে লগে সৰীসৃপ প্ৰাণী সমূহেও নিজৰ মুকলি বিচৰণৰ বাবে জন সমাবেশত প্ৰৱেশ কৰি ৰাইজক আতংকিত কৰি তোলা পৰিলক্ষিত হৈছে । বন ধ্বংসৰ ফলতহে এই কাৰক সমূহ বৃদ্ধি পাব ধৰিছে । নিতৌ ব্যস্ততা বাঢ়িছে বন বিভাগৰ । চণ্টক চাহ বাগিছা বিভিন্ন প্ৰান্তত আজি কিছু দিনৰ পৰা এডাল দুষ্প্ৰাপ্য ৰজা ফেটীয়ে সন্ত্ৰাস সৃষ্টি কৰা অভিযোগ তোলিছিল ৰাইজে । ৰাইজৰ অভিযোগৰ ভিত্তিত দিন আৰু নিশাক একাকাৰ কৰি বিহুবৰ খণ্ড বন বিষয়া ৰাজু দাস নেতৃত্বৰ বন বিভাগে এই দুষ্প্ৰাপ্য ৰজা ফেঁটীৰ বিৰুদ্ধে অভিযান চলাই । সাপটো আজি প্ৰত্যক্ষ কৰি জিলা বন বিভাগৰ সহযোগত বিহুবৰ খণ্ড বন বিভাগে ধৰিবলৈ সক্ষম হয় । দুষ্প্ৰাপ্য ৰজা ফেঁটীটোৰ দৈৰ্ঘ্য প্ৰায় ৮ ফুট । ইতিমধ্যে দুষ্প্ৰাপ্য ৰজা ফেঁটীটো সংৰক্ষণৰ বাবে বন বিভাগ যোৰহাট জিলা মৰিয়নি বন বিভাগৰ অধীনৰ মেলেঙৰ গিবন অভয়াৰণ্যত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে ।