বৰপেটা জিলাৰ দুগ্ধ নগৰী হিচাপে খ্যাত সৰভোগৰ বটবৃক্ষ স্বৰূপ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত-আজি মহাবিদ্যালয়খনৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰে৷
এই ৰঙালী বিহু উদযাপন কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তী,উপাধ্যক্ষ ড° জগদ্বীশ শৰ্মা,ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক ৰেজাউল কৰিম আহমেদ,অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভৱানন্দ পাঠক,বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা অসমৰ জনপ্ৰিয় কবি কাব্যনীল,প্ৰাক্তন ছাত্ৰ নেতা হীৰেন সাউদ,বৰনগৰ শাখা সাহিত্য সভাৰ সভাপতি,মহাবিদ্যালয়খনৰ অধ্যাপক/অধ্যাপিকা,কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷
মহাবিদ্যালয়খনৰ প্ৰতিগৰাকী অধ্যাপক/অধ্যাপিকা,কৰ্মচাৰী,সাংবাদিকৰ লগতে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক এখন অসমীয়া ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়৷
Next Post