টুইটাৰযোগে এই ঘোষণা আন্তঃৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ডৰ।
ডিব্ৰুগড়ৰ এজন যুৱকে ২৪ ঘণ্টাৰ ভিতৰত মুঠ ২৬টা প্ৰমাণ পত্ৰ লাভ কৰি নিজৰ নাম আন্তৰ্জাতিক অভিলেখৰ বুকত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। সঞ্জয় দাসৰ নাম অভিলেখ সৃষ্টিকাৰী যুৱকগৰাকীৰ বয়স মাত্ৰ ৩৩ বছৰ। তেওঁ প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰীৰ লগতে স্নাতকোত্তৰ ডিগ্ৰীও সম্পূৰ্ণ কৰে। বৰ্তমান তেওঁ ইনফ’ছিছৰ সৈতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বেংগালুৰুত কাম কৰি আছে। তেওঁ ২৪ বছৰৰ ভিতৰত অনলাইনত অভিলেখ সংখ্যক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত সফল হয়। এই প্ৰমাণপত্ৰসমূহ কেইবাটাও অনলাইন পাঠ্যক্ৰমৰ অন্তৰ্গত। ২৪ ঘণ্টাৰ ভিতৰতে ২৬টা অনলাইন মেনেজমেণ্ট পাঠ্যক্ৰম লাভ কৰি সৰ্বোচ্চ অনলাইন মেনেজমেণ্ট চাৰ্টিফিকেটৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছে টুইটাৰযোগে এই কথা ঘোষণা কৰে। তেওঁলোকে টুইট কৰি কয়, “”২৪ ঘন্টাত সৰ্বোচ্চ অনলাইন ব্যৱস্থাপনা প্ৰমাণপত্ৰ লাভ কৰা সঞ্জয় দাসে ২০২৩ চনৰ ২৯ মাৰ্চত তেওঁ ২৬খন পৰিচালনা সম্পৰ্কীয় প্ৰমাণপত্ৰ লাভ কৰে আন্তৰ্জাতিক অভিলেখৰ কিতাপৰ বাবে এক নতুন বিশ্ব অভিলেখ গঢ়িছে।
তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ লগতে অসম বুক অৱ ৰেকৰ্ডছতো লিপিবদ্ধ হৈছিল।সঞ্জয় দাসে উল্লেখ কৰে যে তেওঁ ২৯ মাৰ্চৰ পুৱা ৩:৩০ বজাৰ পৰা আৰম্ভ কৰিছিল আৰু পুৱা ১১ বজাৰ ভিতৰত ২৬টা প্ৰমাণপত্ৰ সম্পূৰ্ণ কৰিছিল তেখেতৰ ধাৰণা আছিল যে তৎক্ষণাত প্ৰমাণপত্ৰ লাভ কৰিবলৈ প্ৰতিটো পাঠ্যক্ৰমৰ ৮০% সম্পূৰ্ণ কৰিব লাগিব।