কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ গৈ আছে সিদ্দাৰমাইয়া! বুধবাৰেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলগীয়া ডি কে শিৱকুমাৰ বা সিদ্ধাৰমাইয়াই যোৱা কেইদিনমানৰ পৰা শীৰ্ষ নেতাৰে বৈঠকত মিলিত হৈ আছে।কৰ্ণাটকত এই বৃহৎ বিজয়ৰ পিছত দলটোৰ সংখ্যাগৰিষ্ঠতা বিজয়ী বিধায়কসকলে পুনৰ সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। এতিয়া সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে অৱশেষত সিদ্দাৰমাইয়াক কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব। আনহাতে, শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব।
কংগ্ৰেছৰ সূত্ৰ অনুসৰি কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণা কৰা হ’ব। বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ।
মন কৰিব যে ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল সিদ্দাৰমৈয়া। মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ সৈতে বৈঠকৰ অন্তত শিৱকুমাৰে মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। মুখ্যমন্ত্রী নহ’লেও তেওঁ পদত্যাগ নকৰে বুলিও স্পষ্ট কৰি দিলে৷