Daily Time Axom

অসম এভাৰেষ্ট দিৱস, ২০২৩

0 24

১৮ মে’ ২০১৩ চনত পোন প্ৰথমবাৰ এজন অসমীয়া যুৱকে পৃথিৱীৰ উচ্চতম শিখৰ এভাৰেষ্টত পদাৰ্পন কৰিবলৈ সক্ষম হৈছিল । এই ঐতিহাসিক সাফল্য সজীৱ কৰি ৰাখিবলৈ অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম ৰক এণ্ড স্পৰ্ট ক্লাইম্বিং এচোচিয়েচনে প্ৰতি বছৰে উক্ত দিনটো “অসম এভাৰেষ্ট দিৱস” হিচাপে পালন কৰি আহিছে ।
এই বছৰো, অসমীয়াৰ এভাৰেষ্ট জয়ৰ দশম বৰ্শপূৰ্তি উদযাপন হেতু অসম এভাৰেষ্ট দিৱস আজি দিনযোৰা কাৰ্য্যসূচীৰে গুৱাহাটীত অনুস্থিত কৰা হয় । এই উপলক্ষে ৰাতিপুৱা এক “সামূহিক দৌৰ” আৰু বিয়লি অসমৰ এভাৰেষ্ট আৰোহণকাৰী সকলৰ সৈতে এক মত বিনিময় সভা আয়োজন কৰা হয় ।

ৰাতিপুৱা ৬ বজাত দীঘলী পুখুৰী পাৰত অনুষ্ঠিত হোৱা সামূহিক দৌৰত পাঁচবাৰ এভাৰেষ্ট আৰোহনকাৰী পদ্মশ্ৰী আন্সু জামচেনপা আৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, এভাৰেষ্ট বিজয়ী তৰুণ শইকীয়া, মনীষ কুমাৰ ডেকা, খৰছিং টেৰাং প্ৰমুখ্যে সংগঠনৰ সভাপতি তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিপুলানন্দ পাঠক, প্ৰনবজ্যোতি লহকৰ আদি বিশিষ্ট ব্যক্তি সকলে।
এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত আজি বিয়লি এখন গাম্ভীৰ্য্যপূৰ্ন সভা অনুষ্ঠিত হয়। এই সভাত প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণ কাৰী তৰুন শইকীয়াৰ লগতে আন‌ সকল অসমীয়া এভাৰেষ্টাৰ ক্ৰমে মনীষ কুমাৰ ডেকা, নন্দদুলাল দাস, খৰচিং তেৰাং আৰু নব কুমাৰ ফুকনে অংশগ্ৰহণ কৰে। দিগন্ত বৰা, পাৰ্থসাৰথি মহন্ত,‌ প্ৰনব জ্যোতি লহকৰ, শৌৰ্য্য শৰ্মা, বিপুল পাঠক, ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে আন বহুতো অভিজ্ঞ পৰ্বতাৰোহীয়ে অংশগ্ৰহণ কৰা এই সভাত এভাৰেষ্ট আৰোহণকাৰী সকলে তেখেত সকলৰ অভিযানৰ অভিজ্ঞতা ৰোমন্থন কৰে।

Leave A Reply

Your email address will not be published.