Daily Time Axom

পাকিস্তানৰ পৰিস্থিতি পূব পাকিস্তানৰ দৰেই হ’ব পাৰেঃ ইমৰাণ খান

0 71

পাকিস্তানে দুৰ্যোগৰ দিশে আগবাঢ়িছে আৰু হয়তো বিচ্ছিন্নতাৰ সন্মুখীন হ’ব পাৰে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানে সকীয়াই দিছে। লগতে শাসকীয় মিত্ৰজোঁটে সেনাক তেওঁৰ দলৰ বিৰুদ্ধে থিয় কৰাই দিয়াৰ ষড়যন্ত্ৰৰো অভিযোগ উত্থাপন কৰে।

বুধবাৰে লাহোৰৰ জামান পাৰ্ক বাসগৃহৰ পৰা ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয় যে ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলোৱাৰ একমাত্ৰ সমাধান হৈছে নিৰ্বাচন।

তেওঁ কয় যে পিডিএমৰ নেতা আৰু লণ্ডনত পলায়ন কৰা নৱাজ শ্বৰীফে দেশৰ সংবিধানক অপমান কৰা হৈছে নেকি, ৰাজ্যিক প্ৰতিষ্ঠানক ধ্বংস কৰা হৈছে নে আনকি পাকিস্তান সেনাকো অপমান কৰা হৈছে সেই লৈ ইমান চিন্তিত নহয়।তেওঁ লুণ্ঠন কৰা সম্পদ বচাবলৈ চেষ্টা চলাইছে। মোৰ এটা ভয়ংকৰ সপোন দেখিবলৈ পাইছো যে দেশখন এক দুৰ্যোগৰ দিশে আগবাঢ়িছে। যি ক্ষমতাত আছে সেইবোৰক আহ্বান জনাইছো যে নিৰ্বাচন হ’বলৈ দিয়ক আৰু দেশক বচাওক।”

ইমৰাণ খানে কয় যে আৰক্ষীয়ে তেওঁৰ ঘৰ ঘেৰাও কৰি ৰাখিছে।

তেওঁ আৰু কয় যে এতিয়া আমাৰ সেনা বাহিনীৰ ওপৰত বুদ্ধিমানৰূপে পুনৰ বিবেচনা কৰাৰ উপযুক্ত সময় অন্যথা দেশখনে পূব পাকিস্তানৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে।

পঞ্জাৱ চৰকাৰে তেওঁৰ জামান পাৰ্কৰ বাসগৃহত প্ৰায় ৪০ জন সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা বুলি কৰা দাবীৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইমৰানে কয় যে চৰকাৰে চাৰ্চ ৱাৰেণ্ট লাভ কৰাৰ পিছত আইনী উপায়েৰে ঘৰটোত তালাচী চলাব লাগিব।

Leave A Reply

Your email address will not be published.