প্ৰবঞ্চকৰ মুখত মুখ্যমন্ত্ৰীৰ নাম।
মুখ্যমন্ত্ৰী গৰাকীৰ OSD ৰ নাম নোলোৱাকৈ থকা নাই প্ৰবঞ্চক লক্ষ্মী কিশোৰ চৌধুৰীয়ে।প্ৰবঞ্চক লক্ষ্মী কিশোৰে দাবী কৰা মতে মুখ্যমন্ত্ৰীৰ জ্ঞাতে OSD ৰ অনুমতি সাপেক্ষে এই নিযুক্তিৰ পদক্ষেপ লোৱা হৈছে।
সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS) ত চিকিউৰিটি গাৰ্ড আৰু ওৱাৰ্ড গাৰ্ল নিযুক্তিৰ প্ৰচাৰ চলাই প্ৰায় ৩০ জনৰো অধিক যুৱক-যুৱতীক বিগত প্ৰায় এমাহ ধৰি দি আহিছে প্ৰশিক্ষণ।
ভিন্ন প্ৰান্তৰ পৰা আহি প্ৰশিক্ষণ লৈ থকা প্ৰতিগৰাকী যুৱক-যুৱতীক AIIMS ত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰবঞ্চকজনৰ।
ইতিমধ্যে নিযুক্তি বিচাৰি অসংখ্য যুৱক-যুৱতীয়ে ভিৰ কৰেহি চাংসাৰিত থকা প্ৰবঞ্চক গৰাকীৰ ভাড়াঘৰত।
ভাত-কাপোৰৰ জোৰা মাৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি অহা প্ৰতিগৰাকী যুৱক-যুৱতীৰ পৰা প্ৰবঞ্চক লক্ষ্মী কিশোৰে ১০০০/২০০০ কৈ ধন লোৱাৰ অভিযোগ ভূক্তভোগীৰ।
ঘটনাৰ উমান পাই সাংবাদিকৰ এটি গোটে প্ৰাৰ্থীৰ ৰূপত দুজন যুৱক পঠাই বিষয়টো সন্দৰ্ভত বিতং তথ্য বিচৰাত ওলাই পৰিল জোলোঙাৰ মেকুৰী।
প্ৰবঞ্চক জনৰ হাতত নাই মুখ্যমন্ত্ৰীয়ে দিয়া কোনো ধৰণৰ লিখিত নথি পত্ৰ,নাই কোনো চিকিউৰিটি এজেন্সীৰ নথি-পত্ৰ।
সাংবাদিক গোটৰ খবৰৰ ভিত্তিত চাংসাৰি আৰক্ষীয়ে আজি প্ৰবঞ্চক লক্ষী কিশোৰ চৌধুৰীক আটক কৰি তদন্ত আৰম্ভ কৰিছে।