Daily Time Axom

সীতাৰ জন্মস্থানক লৈ আপত্তি, ‘আদিপুৰুষ’ ছবি নিষিদ্ধ কৰাৰ দাবী

0 43

আজি মুক্তি পাব প্ৰভাস, কৃতি শ্বেননে অভিনীত ছবি ‘আদিপুৰুষ’। ছবিখনৰ প্ৰথম ট্ৰেইলাৰ মুক্তি পোৱাৰে পৰাই ছবিখন বিতৰ্কৰ বিষয় হৈ পৰিছে। বহুতে এই ছবিখনে ধৰ্মীয় আৱেগক আঘাত কৰা বুলি দোহাই দি বিৰোধিতা কৰিছিল। কিন্তু সেই সকলোবোৰ বিতৰ্ক ছবিখন মুক্তিৰ পূৰ্বেই নিষ্পত্তি হয়। আজি মুক্তিৰ পিছত পুনৰ বিতৰ্কই ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত এই ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। অৱশ্যে এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। কাঠমাণ্ডু মহানগৰীৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে সেই দেশৰ ৰাজধানীত এই ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। বিৰোধিতাৰ বাবে মুক্তিৰ দিনা মৰ্নিং শ্ব’ বাতিল কৰা হয়।কিন্তু কি বিষয়ত আপত্তি কৰিলে চুবুৰীয়া নেপালে ?

আপত্তিৰ কেন্দ্ৰবিন্দু হৈছে ছবিখনৰ এটা সংলাপ। জানকিৰূপী কৃতিৰ মুখত সংলাপ, “জানাকী যি ভাৰতৰ কন্যা”।সেয়ে নেপালৰ ৰাইজে আপত্তি কৰিছে। কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে ছবিখনৰ পৰা সংলাপ সলনি কৰিবলৈ দাবী জনায়। অন্যথা হিন্দী ছবিখন নেপালত দেখুৱাবলৈ দিয়া নহ’ব। কাঠমাণ্ডু মহানগৰৰ মেয়ৰে দিয়া তিনিদিনৰ সময়। সেই তিনিদিনৰ ভিতৰত সংলাপ সলনি কৰিব লাগে বুলি দাবী কৰে। সীতাৰ জন্মস্থানৰ বিভ্ৰান্তি তৎক্ষণাত বন্ধ কৰিব লাগিব। নেপালৰ জনসাধাৰণৰ মতে মহাকাব্য ৰামায়ণ মতে সীতাৰ জন্ম নেপালৰ জনকপুৰত। ৰামচন্দ্ৰ তালৈ গৈছিল সীতাক বিয়া কৰাবলৈ। এইবাৰ নেপালত এই ছবিখনৰ ভৱিষ্যত অনিশ্চিত।

Leave A Reply

Your email address will not be published.