পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পৰাটো এজন ভাল পৰিচালকৰ গুণ। নিজৰ চখ বজাই ৰাখি পৰিয়ালক সময় দি কৰ্মক্ষেত্ৰত পেছাদাৰীতা প্ৰদৰ্শন কৰিব পাৰি। কিন্তু তাৰ বহুকেইটা অভ্যাস মানি চলাটো গুৰুত্বপূৰ্ণ।
১) কামৰ গুৰুত্ব বুজিব
কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ হ’লে প্ৰথমে যিকোনো কামৰ গুৰুত্ব বুজিব লাগিব। অফিচ হওক বা ঘৰ হওক, কোনটো কাম প্ৰথমে কৰিব লাগে বুজিলে কোনো সমস্যা হ’ব নালাগে।
২) যোগাযোগ বিচ্ছিন্ন কৰিব
সমগ্ৰ বিশ্বৰ লগত যোগাযোগ ৰাখিবলৈ বিভিন্ন ব্যৱস্থা আছে। যিকোনো কথাতে ‘আপ-টু-ডেট’ হোৱাটো ভাল। কিন্তু এই অভ্যাসে ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব পাৰে। কেৱল ছ’চিয়েল মিডিয়াতে নহয়, কামতো নিজকে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰক।
৩) কি সময়ত কি কৰিব লাগে
২৪ ঘণ্টা বা গোটেই দিনটো, আপুনি ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কিছুমানে ছুটিৰ দিন এটা শুই থাকে। আকৌ কিছুমানে দিনটোৰ ভিতৰত বিভিন্ন সময়ত বিভিন্ন সময়ত ভাগ কৰি বিভিন্ন কাম কৰে। পৰিয়াল, বন্ধু-বান্ধৱীক সময় দিয়াৰ পিছত নিজৰ চখ পূৰণৰ বাবে সময় ৰাখে।
৪) কামৰ আগত শৰীৰ
স্বাস্থ্যসন্মত খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু পৰ্যাপ্ত টোপনি—কৰ্ম-জীৱনৰ ভাৰসাম্য ৰক্ষাৰ মূল চাবিকাঠি। যিমানেই ব্যস্ত নহওক কিয়, শৰীৰটোক অৱহেলা নকৰিব।
৫)সম্পৰ্কৰ গুৰুত্ব বুজিব
দীৰ্ঘদিন একেলগে কাম কৰিও বন্ধুৰ এখন পৃথিৱী সৃষ্টি হয়। কিন্তু পৰিয়াল প্ৰথম। সেইটো পাহৰি নাযাব। গতিকে ব্যস্ততাৰ মাজতো ঘনিষ্ঠ সম্পৰ্কৰ যত্ন লোৱা উচিত।