Daily Time Axom

ভাৰতীয় পতাকাৰ ৰঙেৰে সজোৱা হ’ল বুৰ্জ খলিফা

0 41

ফ্ৰান্স ভ্ৰমণৰ পিছত সংযুক্ত আৰব আমিৰশ্বাহীত মোডী

দুদিনীয়া ফ্ৰান্স ভ্ৰমণৰ অন্তত শনিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

শুকুৰবাৰে সেই দেশৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পূৰ্বে এই ভ্ৰমণৰ বিষয়ে অৱগত কৰিছিল, মোডীৰ এই ভ্ৰমণে ভাৰতৰ সৈতে কৌশলগত সম্পৰ্ক থকা সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে দ্বিপাক্ষিক বুজাবুজি আৰু অধিক শক্তিশালী কৰিব। মোডীৰ এই ভ্ৰমণ উপলক্ষে দেশৰ বুৰ্জ খলিফাত জাতীয় পতাকাৰ ৰঙেৰে অংকন কৰা হয়।

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিত শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰে। এই ভ্ৰমণ সন্দৰ্ভত মোদীয়ে এক বিবৃতিত কয় যে মোৰ বন্ধু ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদক লগ পাবলৈ আগ্ৰহী। বৈঠকৰ সম্ভাৱ্য কাৰ্যসূচীত মোদীয়ে কয় যে আমি বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি একাধিক বিষয়ত একেলগে কাম কৰিম।

Leave A Reply

Your email address will not be published.