Daily Time Axom

পিতৃৰ জন্মদিন উদযাপনৰ বাবে বাইকেৰে লাডাখলৈ ৰাহুল

0 42

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মতে, পাংগং হ্ৰদ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই।

পুত্ৰ সাংসদ ৰাহুল গান্ধীয়ে ২০ আগষ্টত পিতৃৰ জন্মদিন উদযাপনৰ বাবে বাইকেৰে পাংগং হ্ৰদলৈ ৰাওনা হয়। যাত্ৰা পথত নিৰাপত্তাৰক্ষীৰে আগুৰি থকা নাছিল। বৰং লাডাখলৈ যোৱাৰ পথত এমুঠিমান মানুহৰ লগত বাইকেৰে ওলাই যায় ৰাহুল।

বৃহস্পতিবাৰে দুদিনীয়া লেহ-লাডাখ ভ্ৰমণলৈ গৈছে ৰাহুল গান্ধী। পিছত ই ছয়দিনীয়া ভ্ৰমণলৈ সলনি হ’ল। ইফালে শনিবাৰে পাংগং হ্ৰদ পোৱাৰ পূৰ্বে তেওঁক সম্পূৰ্ণ বেলেগ মেজাজত দেখা গৈছিল।

নীলা ৰঙৰ ফুল স্লীভ টি-চাৰ্ট পিন্ধি, ৰাইডিং ট্ৰাউজাৰ। হেলমেট পিন্ধি স্প’ৰ্টছ বাইক চলাই যায় ৰাহুলে। ইনষ্টাগ্ৰামত ছবি পোষ্ট কৰি তেওঁ লিখিছে, ‘মই পাংগং হ্ৰদলৈ ৰাওনা হ’লোঁ। দেউতাই কৈছিল ই পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই।’

সূত্ৰ অনুসৰি শনিবাৰে ৰাহুল পৰ্যটন শিবিৰত থাকিব। তাৰ পিছত দেওবাৰে পাংগং হ্ৰদৰ সন্মুখত ৰাজীৱ গান্ধীৰ জন্মদিন পালন কৰিব। এই ভ্ৰমণৰ সময়ত ৰাহুলে লেহৰ প্ৰায় ৫০০ যুৱকৰ সৈতে কথা পাতিছিল। শুকুৰবাৰে ৰাহুলে সাক্ষাৎ কৰে লাডাখ কংগ্ৰেছৰ নেতা-কৰ্মীক। তাৰ পিছত তেওঁক ফুটবল খেলাও দেখা যায়।

Leave A Reply

Your email address will not be published.