কামৰূপ জিলাৰ একাংশ উদ্যোগ-কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠানে এতিয়া চলাইছে চুৰান্ত মইমতালী।
প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ কিম্বা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণক বৃদ্ধা অংগুষ্ঠ প্ৰদৰ্শন এইসমূহ প্ৰতিষ্ঠানৰ ।
এওলোকে নুশুনে-নামানে সচেতন নাগৰিক তথা দল সংগঠনৰ পৰামৰ্শ।
চাংসাৰিস্থিত “কমলা জী” নামৰ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই চুৰান্ত মইমতালী প্ৰদৰ্শন কৰি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সৃষ্টি কৰিছে অবৈধ ডাম্পিং গ্ৰাউণ্ড।
কুলদীপ আগৰৱাল নামৰ ব্যক্তি গৰাকীৰ মালিকানাধীন “কমলা জী” নামৰ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
উন্নয়নৰ ধামখুমিয়াত ক্ৰমান্বয়ে সংকুচিত হৈ অহা খেতিপথাৰ তথা পশু পালক-গো পালকৰ প্ৰতি তীব্ৰ ভাবুকি সৃষ্টি হোৱাৰ সময়তে যতে-ততে সৃষ্টি কৰা এনে ডাম্পিং গ্ৰাউণ্ডৰ বাবে বিপদ নামি আহিছে প্ৰানীকুলৰ বাবে।
সমান্তৰালকৈ যতে-ততে গঢ় লৈ উঠিছে অবৈধ কেইবাটাও ডেম্প।
চাংসাৰি থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰে’লৱে বিভাগৰ ভূমিতে অবৈধ ভাৱে স্থাপন কৰা হৈছে কেইবাটাও ডেম্প।
এই সমুহ ডেম্পৰ নাই কোনো অনুজ্ঞাপত্ৰ ।
প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ বিধি অনুসৰি থাকিব লাগে “পলুচন চাৰ্টিফিকেট তথা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণকৰ প্ৰমানপত্ৰ।
থাকিব লাগে নিজা ভূমি, তথা হ’ব লাগে আৱাসিক এলেকাৰ নিলগত।
কিন্তু এনে অসাধু ডেম্প ব্যৱসায়ী তথা ব্যৱসায়িক প্ৰতিষ্ঠান বা উদ্যোগ-কাৰখানা সমুহে আৰক্ষীক মেনেজ কৰিয়েই নিজৰ ব্যৱসায় চলাই অভিযোগ উত্থাপিত হৈছে ।
আনকি এই অনৈতিক কাৰ্য কৰা সকলে হাতৰ মুঠিত হেনো ৰাখিছে একাংশ সাংবাদিক তথা স্থানীয় যুৱকৰ দল।
এনেকৈয়ে আইন উলংঘা কৰি মইমতালীৰে কৰি আহিছে জৈৱিক পৰিবেশ বিনষ্ট।
এতিয়া এনে প্ৰতিষ্ঠান সমুহক কামৰূপ জিলা প্ৰশাসন কিম্বা চৰকাৰে কি ধৰণে নিয়ন্ত্ৰণ কৰিব , সেয়াহে হ’ব লক্ষ্যনীয়।
লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।