কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ শিলচৰ কালাইন পথৰ বৰযাত্রাপুৰত এক বিশাল কৰ্মী সভাৰ আয়োজন কৰা হয়। শিলচৰৰ প্ৰাক্তন সাংসদ তথা তৃণমূলৰ উচ্চস্বৰত নেত্ৰী সুস্মিতা দেৱক বাইক ৰেলীৰ জৰিয়তে আদৰণি জনোৱাৰ পিছত দলটোৰ বিষয়াসকলে সভাস্থলীলৈ আহি উত্তৰীয় দি সম্ভাষণ জনায়। আজিৰ বৈঠকত তৃণমূল কংগ্ৰেছ নেত্রী গৰাকীয়ে দলটোক শক্তিশালী কৰাৰ বাবে হিমন্ত চৰকাৰক আঙুলিয়াই দিয়ে।
তাত উপস্থিত আছিল ৰাজেশ দেৱ কাছাৰ জিলা সভাপতি, ৰাহুল আলম লস্কৰ সাধাৰণ সম্পাদক, সজল বনিক তৃণমূল জিলাৰ উপ সভাপতি, অনুপম পাল জিলা যুৱ তৃণমূলৰ সভাপতি, কুশল দত্ত জিলা যুৱ তৃণমূলৰ উপ সভাপতি, আব্দুল বাসিত লস্কৰ জিলা তৃণমূল কংগ্ৰেছৰ সম্পাদক, গৌতম দাস জিলা তৃণমূল কংগ্ৰেছৰ সম্পাদক , বৰখলা ব্লক তৃণমূল কংগ্ৰেছৰ সভাপতি আছাৰুদ্দিন, শালচাপ্ৰা ব্লক তৃণমূল কংগ্ৰেছৰ সভাপতি ছাদিক আহমেদ লস্কৰ আদি । আব্দুল বাছিত লস্কৰে এই কাৰ্যসূচী পৰিচালনাৰ দায়িত্বত আছিল।