Daily Time Axom

কানাডাৰ তিক্ততা বাঢ়িল ভাৰতৰ প্ৰতি

0 49

কানাডাৰ বাণিজ্য মন্ত্ৰী মেৰী এনগে অক্টোবৰত ভাৰতৰ সৈতে বাণিজ্যিক অভিযান স্থগিত ৰাখিছে। ভাৰত আৰু কানাডাৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) সম্পৰ্কীয় আলোচনা অক্টোবৰ মাহত হোৱাৰ কথা আছিল। এতিয়াৰ বাবে স্থগিত ৰখা হৈছে। খালিস্তান সমস্যাৰ কথা উল্লেখ নকৰি ভাৰত চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ৰাজনৈতিক সমস্যা সমাধান হ’লেই পুনৰ আলোচনা আৰম্ভ হ’ব৷

ভাৰতে শুকুৰবাৰে কয় যে যদিহে কানাডাৰ মাটিত ভাৰত বিৰোধী কাৰ্যকলাপ বন্ধ নকৰে তেতিয়ালৈকে কানাডাৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা নকৰে। প্ৰায় এটা দশকৰ পাছত দুয়োখন দেশৰ মাজত এফ টি এৰ আলোচনা আৰম্ভ হ’বলৈ ওলাইছে। কিন্তু ভাৰতৰ পৰা এই বক্তব্য অহাৰ পাছত কানাডাই অহা মাহত ভাৰত ভ্ৰমণৰ বাণিজ্যিক অভিযান বাতিল কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভাৰত চৰকাৰৰ এগৰাকী বিষয়াই কয় যে কানাডাৰ ৰাজনৈতিক পৰিঘটনাৰ ওপৰত আপত্তি থকাৰ বাবে কানাডাৰ সৈতে বাণিজ্যিক চুক্তি বিচ্ছিন্ন হৈছে।

কানাডা ভাৰতৰ ৩৫ সংখ্যক বৃহত্তম বাণিজ্যিক অংশীদাৰ আছিল। ২০২৩ বিত্তীয় বৰ্ষত এই ব্যৱসায় আছিল ৮.১৬ বিলিয়ন ডলাৰ। এই সময়ছোৱাত ভাৰতে কানাডালৈ ৪.১১ বিলিয়ন ডলাৰ ৰপ্তানি কৰিছিল। যিটো ২০২২ বিত্তীয় বৰ্ষত আছিল ৩.৭৬ বিলিয়ন ডলাৰ।

কানাডাৰ পৰা আমদানি ২৯.৩ শতাংশ বৃদ্ধি পাই ৪.০৫ বিলিয়ন ডলাৰ হৈছে।
যোৱা ১০ ছেপ্টেম্বৰত ব্ৰিটিছ কলম্বিয়াৰ গুৰদ্বাৰাত খালিস্তানৰ সন্দৰ্ভত ছিখছ ফৰ জাষ্টিছ গোটে গণভোট অনুষ্ঠিত কৰে। এই প্ৰেক্ষাপটতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ আগত নিজৰ দেশত ভাৰত বিৰোধী কাৰ্যকলাপৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। জি-২০ শীৰ্ষ সন্মিলন সমাপ্ত হোৱাৰ পিছত ট্ৰুডোৱে কয় যে কানাডাই সদায় মত প্ৰকাশৰ স্বাধীনতা, বিবেকৰ স্বাধীনতা আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ প্ৰকাশক সুৰক্ষিত কৰিব। আমাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।

Leave A Reply

Your email address will not be published.