হাজাৰ তিক্ততাৰ মাজতে আমেৰিকা-ৰাছিয়াই যৌথভাৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে মহাকাশচাৰী
ইউক্ৰেইন-ৰাছিয়া যুদ্ধক লৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মহাকাশ সংস্থাই মহাকাশচাৰীক মহাকাশ কেন্দ্ৰটোলৈ প্ৰেৰণ কৰে।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হৈছে দুজন ৰাছিয়ান আৰু এজন আমেৰিকান মহাকাশচাৰী।
ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থাই জনোৱা মতে, শুকুৰবাৰে কাজাখাস্তানৰ বায়ন’কুৰ কচমোড্ৰমৰ পৰা ছ’য়ুজ এম এছ-২৪ মহাকাশযানত উঠিছিল নাছাৰ মহাকাশচাৰী ল’ৰাল অ’হাৰাই ৰস্কচমছৰ মহাকাশচাৰী অলেগ ক’নোনেংকো আৰু নিকোলাই চুব। তিনি ঘণ্টাৰ পাছত মহাকাশযানখনে আই এছ এছত উপস্থিত হয়। তাত তেওঁলোকৰ লগত তিনিজন ৰাছিয়ান, দুজন আমেৰিকান, এজন জাপানী মহাকাশচাৰী আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ এজন প্ৰতিনিধিও যোগদান কৰে।
যোৱা মাহত প্ৰায় ৫০ বছৰৰ ভিতৰত ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযান বিফল হোৱাৰ পিছত মহাকাশচাৰীসকল মহাকাশ কেন্দ্ৰত উপস্থিত হয়। জনা গৈছে যে মহাকাশচাৰীসকল এম এছ-২৩ মহাকাশযানত পুনৰ পৃথিৱীলৈ উভতি আহিব।