মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী:পুৱাৰ ভাগত বটদ্ৰৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আজিৰে পৰা আৰম্ভ হৈছে ৫৭৫ তম গুৰু জয়ন্তী উৎসৱ। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত তালকোবোৱা প্ৰসঙ্গ উষাকীৰ্তন মঞ্জীৰা নাম আইসকলৰ নামৰ লগতে পোৱাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ চ’ৰা অতিথিশালা সভাগৃহ আৰু কাৰ্যালয় গৃহৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন
কৰে। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ সভাগৃহ সত্ৰাধিকাৰৰ বহা অতিথিশালা নতুন ৰূপত নিৰ্মান হৈ উঠিছে। নতুন ৰূপত উজ্বলি উঠিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। গুৰুজনাৰ জন্মস্থানৰ পৰ্যটণ ক্ষেত্ৰৰ বিকাশ আৰু আৰ্থ সামাজিক প্ৰগতিৰ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে বটদ্ৰৱা উন্নয়নৰ নতুন ৰূপৰেখাই। বটদ্ৰৱা থানত সেৱা কৰি এটি অমৃত বৃক্ষৰ পুলি ৰোপন কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা বটদ্ৰৱা থানৰ ২০ কোটি টকা ব্যয় সাপেক্ষ অতিথিশালা থানৰ সভাগৃহ কাৰ্যালয় ভৱন আৰু সত্ৰাধিকাৰ বহাৰ নৱনিৰ্মিত ভৱনৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানৰ ৫৭৫ তম গুৰু আৱিৰ্ভাৱ উৎসৱৰ বছৰ জোৰা সাংস্কৃতিক কাৰ্যক্ৰমনিকাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহন কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগতো বাৰ্তালাপত মিলিত হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে নিৰ্মান হৈ থকা বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি নিৰ্মান কাৰ্যৰ বুজ লয়। উল্লেখ্য যে আজি বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী উপস্থিত হৈ নতুনকৈ বটদ্ৰৱা থানৰ কেবাটাও প্ৰকল্প আৰম্ভ কৰিব বুলি ঘোষণা কৰে।