Daily Time Axom

হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি

0 37

হৃদৰোগে হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীত প্ৰভাৱ পেলায়।

জীৱনশৈলীৰ বেয়া অভ্যাস চিনাক্ত কৰাটো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

হাৰ্ট এটেকৰ বিপদজনক কাৰকসমূহ হ’ল ধূমপান, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰলৰ মাত্ৰা, ডায়েবেটিছ আৰু অতিৰিক্ত ওজন বা মেদবহুলতা। পৰিয়ালত হৃদযন্ত্ৰৰ ৰোগৰ পাৰিবাৰিক ইতিহাস থাকিলে এই ৰোগ অধিক জটিল হৈ পৰে। যদি আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা বেছি, বিপাকীয় চিনড্ৰম, দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ, দীৰ্ঘদিনীয়া প্ৰদাহজনিত অৱস্থা যেনে বাতবিষ বা চ’ৰিয়াচিছ আছে তেন্তে সাৱধান হওক। গৰ্ভাৱস্থাত প্ৰিক্লেম্পচিয়া আনকি ৰজোনিবৃত্তিও হাৰ্ট এটেকৰ বাবে দায়ী।

সততে উপেক্ষা কৰা আন এটা বিষয় হ’ল বায়ু প্ৰদূষণ। কেৱল হৃদযন্ত্ৰৰ ৰোগৰ আশংকাই নহয়, প্ৰদূষণৰ বাবে আন স্বাস্থ্যজনিত সমস্যাও উদ্ভৱ হয়। বিষাক্ত কণাবোৰে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে তেজত প্ৰৱেশ কৰি ৰক্তবাহী নলীৰ ভিতৰত প্ৰদাহজনিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত প্লেক গঠন হয় আৰু ধমনীবোৰ কঠিন হৈ পৰে। অধ্যয়নত দেখা গৈছে যে নিম্নমানৰ বা অপৰ্যাপ্ত টোপনি হৃদযন্ত্ৰৰ ৰোগৰ বাবে দায়ী।

Leave A Reply

Your email address will not be published.