Daily Time Axom

প্ৰগতিশীল লেখিকা জুনু বৰাক পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান

0 35

‘জাতীয়তাবাদী মুখেৰে নহয়, হাতে-কামে জাতীয়তাবাদী হ’ব লাগিব’ঃ অনুৰাধা শৰ্মা পূজাৰী

আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘মাহেকীয়া বাৰ্তাপখিলী’ৰ উদ্যোগত পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান কৰা হয়৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰগলিশীল লেখিকা, নাৰী সংগ্ৰামৰ অগ্ৰণী নেত্ৰী জুনু বৰাক সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ দ্বাদশ মৃত্যু বাৰ্ষিকীৰ দিনটোত পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা প্ৰদান কৰা হয়৷ দাতা পৰিয়ালৰ তৰফৰ পৰা পুষ্পাদেৱী জালানৰ সুযোগ্য সন্তান সাংস্কৃতিক কৰ্মী তথা লেখক গোপাল জালানে আগবঢ়াই দিয়া এই বঁটা বঁটাপ্ৰাপক শ্ৰীযুতা বৰাক প্ৰদান কৰে জনপ্ৰিয় ঔপন্যাসিক, ‘সাতসৰী’ আলোচনীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া-বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক-মাহেকীয়া বাৰ্তাপখিলীৰ উপদেষ্টামণ্ডলীৰ অন্যতম ডঃ মুকুল চক্ৰৱৰ্তীয়ে প্ৰশংসাপত্ৰ আৰু স্মাৰক প্ৰদান কৰে৷ উল্লেখযোগ্য যে বঁটা প্ৰদান কৰোঁতা অনুৰাধা শৰ্মা পূজাৰীয়ে পুষ্পাদেৱী জালান সাহিত্য বঁটাক অসমৰ আগশাৰীৰ পাঁচটা সাহিত্যৰ সন্মানৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰে৷ শৰ্মা পূজাৰীয়ে লগতে কয় যে জাতীয়তাবাদ মুখেৰে ক’লে নহ’ব, হাতে-কামে কৰি দেখুৱাব লাগিব৷ বিবাহ সূত্ৰেই হওক অথবা আমি নিজেও বিভিন্ন কাৰণত সন্তানক ইংৰাজী-হিন্দী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰোৱাৰ ফলত অসমীয়া ভাষাৰ পৰিসৰ কমি আহিছে৷ প্ৰকৃত জাতীয়তাবাদী হ’বলৈ হ’লে ঘৰে-বাহিৰে জাতীয়তাবাদ থাকিব লাগিব৷ ভাষা-সংস্কৃতিৰ বিকাশত ভূমিকা ল’ব লাগিব৷ জালান পৰিয়ালৰ দৰে অসমীয়া ভাষা-সংস্কৃতিক বুকুৰ আপোন কৰা মানুহক উপযুক্ত সন্মান-মৰ্যাদা দিব লাগিব৷ বঁটাপ্ৰাপক জুনু বৰাৰ লগত থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাও শৰ্মা পূজাৰীয়ে উল্লেখ কৰে৷ প্ৰগতিশীল লেখিকাগৰাকীয়ে বিভিন্ন সময়ত দলিত-নিষ্পেষিত জনতাৰ হৈ কাম কৰাৰ কথা তেখেতে উপস্থিত শ্ৰোতা-দৰ্শকক অৱগত কৰে৷ বিশিষ্ট অতিথি থানেশ্বৰ মালাকাৰে সৰবৰহী মহিলা পুষ্পাদেৱী জালান নিৰক্ষৰ হৈয়ো নটাকৈ সন্তানক শিক্ষা-দীক্ষাৰে সমাজত প্ৰতিষ্ঠা কৰাৰ লগতে মানৱতাৰ আদিপাঠ শিকোৱাৰ কথা উল্লেখ কৰে৷ আন এগৰাকী বিশিষ্ট অতিথি মুকুল চক্ৰৱৰ্তীদেৱে বাৰ্তাপখিলীয়ে ঊনত্ৰিংশ বছৰত পদাৰ্পণ কৰা এই সুদীৰ্ঘ কালছোৱাৰ বিভিন্ন স্মৃতি ৰোমন্থন কৰে৷ এই বঁটাৰ লগত একৈছ হাজাৰ টকাৰ চেক্‌, মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা, চেলেং, ফুলাম গামোচা আদি বঁটাপ্ৰাপক জুনু বৰাক প্ৰদান কৰা হয়৷ আজিৰ এই অনুষ্ঠানত দৈনিক পূৰ্বোদয়’ৰ সম্পাক ৰবী শংকৰ ৰবী, জনপ্ৰিয় কণ্ঠশিল্পী মনীষা হাজৰিকা, মঞ্জুলা হাজৰিকা, হাস্য-ব্যংগ লেখক প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, কবি পুলকেশ ৰায়বৰুৱা, ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ, দাতা পৰিয়ালৰ ৰাজকুমাৰ জালান আৰু পৱন জালান, বিনোদ ৰিংগানিয়া, কিশোৰ কুমাৰ জৈন, অৰূপ কুমাৰ ডেকা, ৰীণা দেৱী আদি সাহিত্য-সংস্কৃতি জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.