Daily Time Axom

আজি বিৰাট কোহলীৰ ৩৫ সংখ্যক জন্মদিন

0 36

আজি বিৰাট কোহলীৰ ৩৫ সংখ্যক জন্মদিন। এফালে কলকাতাৰ ইডেন গাৰ্ডেনত বিশ্বকাপৰ আটাইতকৈ হাই ভল্টেজ মেচ, য’ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব। আনহাতে, ৫ নৱেম্বৰত টীম ইণ্ডিয়াৰ তাৰকা তথা বিশ্ব ক্ৰিকেট ছুপাৰষ্টাৰ বিৰাট কোহলীৰ জন্মদিন। ভাৰতীয়সকলৰ বাবে আজিৰ দিনটো বিশেষ হ’ব। বন্ধৰ এই দিনটো ক্ৰিকেট অনুৰাগীসকলৰ বাবে যেন ছুপাৰ ছাণ্ডে হ’ব। বিৰাটৰ জন্মদিন উপলক্ষ্যে নিশাৰ পৰাই তেওঁৰ অনুৰাগীসকলে শুভেচ্ছাবাণী প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.